/asomiyapratidin/media/media_files/2025/02/18/KdvFLM4DVLQmm45MNhhR.jpg)
মহাৰাষ্ট্ৰ চৰকাৰ Photograph: (মহাৰাষ্ট্ৰ চৰকাৰ)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ এন ডি এ চৰকাৰৰ ইটোৰ পাছত সিটো লেঠাঁ নুগুচা হৈছে। একনাথ সিন্ধে গোট আৰু বিজেপি দলৰ মাজত দিনক দিনে ভিন্ন ইচ্ছ্যুক লৈ বৃদ্ধি পাইছে মতভেদ। প্ৰথমে উদ্ধৱ থাকৰেৰ সৈতে মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছৰ ঘনিষ্ঠতাক লৈ তীব্ৰ অসন্তুষ্টিত থকা একনাথ সিন্ধে গোটক আকৌ এবাৰ জগৰ লগালে বিজেপিয়ে।
প্ৰাপ্ত খবৰ অনুসৰি, শেহতীয়াকৈ বিজেপিৰ সৈতে চৰকাৰ গঠনৰ পাছতে একনাথ সিন্ধে গোটৰ ৪৪গৰাকী বিধায়ক আৰু ১১গৰাকী সাংসদক প্ৰদান কৰা হৈছিল ৱাই কেটেগৰীৰ সুৰক্ষা। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই ৪৪গৰাকী বিধায়কৰ ভিতৰত ২০গৰাকী বিধায়কৰ পৰা কৰ্তন কৰিছে ৱাই কেটেগৰীৰ সুৰক্ষা ব্যৱস্থা।
চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে একনাথ সিন্ধে গোট। কিয় হঠাতে বাচি বাচি কেৱল একনাথ সিন্ধে গোটৰ বিধায়কসকলৰ সুৰক্ষা ব্যৱস্থা কৰ্তন কৰা হল তাক লৈ মুকলি প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে। পৰিস্থিতি গৈ এনে পৰ্যায় পাইছেগৈ যে উক্ত বিষয়টোক লৈ ৰাজহুৱাভাৱে মন্তব্য দিব লগা হৈছে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে।
উক্ত ঘটনাক লৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, - ৱাই কেটেগৰীৰ সুৰক্ষা কেতিয়া আৰু কাক দিব সেয়া আমি নিৰ্ণয় কৰিব নোৱাৰো। ইয়াৰ বাবে উচ্চস্তৰীয় সুৰক্ষা কমিটি আছে। সেই কমিটিয়ে কৰা সমীক্ষাত প্ৰদান কৰা হয় এনে বেষ্টনীৰ সুৰক্ষা। এই বিষয়টোক লৈ কোনেও ৰাজনীতি কৰাটো সমীচিন নহয়।
উল্লেখ কৰা প্ৰয়োজন যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনখনত একনাথ সিন্ধেক আতৰাঁই বিজেপিয়ে দেৱেন্দ্ৰ ফাড়নবিছক দায়িত্ব দিয়াৰ পাছতে এটাৰ পিছত এটা লেঠা লাগিয়েই আছে। দিনক দিনে এনে অসন্তুষ্টি বৃদ্ধি পালে মহাৰাষ্ট্ৰৰ ৰাজনীতিত নতুন সমীকৰণ হবলৈ হয়তো বেছি পৰ নালাগিব।