ডিজিটেল ডেস্ক : উপ নিৰ্বাচনৰ সমান্তৰালকৈ আজিৰ দিনটোতেই ঘোষণা হ’ব মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনী আয়োগে ৰাজহুৱা কৰা খবৰ অনুসৰি শনিবাৰে পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা প্ৰক্ৰিয়া আৰু সন্ধিয়াই স্পষ্ট হ’ব দুয়োখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল।
এয়া হ’ব চলিত বছৰৰ শেষৰটো নিৰ্বাচনী ফলাফল। উল্লেখযোগ্য যে বিজেপি- শিৱসেনা(সিন্ধে)- এন চি পি(অজিত) মিত্ৰজোঁট শাসিত মহাৰাষ্ট্ৰত বিধানসভাৰ মুঠ ২৮৮খন আসনত ২০ নৱেম্বৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। এইবাৰৰ নিৰ্বাচনত বিজেপি নেতৃত্বৰ মহাজুটি আৰু কংগ্ৰেছ- এন চি পি(শাৰদ)- শিৱসেনা (উদ্ধৱ) মহাবিকাশ আঘাড়ীৰ মাজত ক্ষমতা দখলৰ তুমুল যুঁজ হয়।
একেদৰে উক্ত দিনটোতে ঝাৰখণ্ডত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১৩ নবেম্বৰত অনুষ্ঠিত হৈছিল। বিধানসভাৰ মুঠ ৮১খন আসনৰ বাবে অনুষ্ঠিত হৈছিল এই নিৰ্বাচন। ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে মেজিক সংখ্যা ৪১ স্পৰ্ষ কৰিব লাগিব ৰাজনৈতিক দলে।
এতিয়া সকলো ৰাজনৈতিক দলৰ নেতা- কৰ্মীৰ অন্তহীন অপেক্ষা। সন্ধিয়ালৈকে স্পষ্ট হোৱাৰ সম্ভাৱনা আছে নিৰ্বাচনী ফলাফল। অধিকাংশ বুথ সমীক্ষাত ঝাৰখণ্ডত ত্ৰিশংকু বিধানসভা হোৱাৰ সম্ভাৱনা আছে।