Advertisment

মহাৰাষ্ট্ৰত দুৰ্ঘটনা : ৰে’লত অগ্নিসংযোগৰ সন্দেহত বাহিৰলৈ জপিয়াই ৬যাত্ৰী নিহত

মৰ্মান্তিক- হৃদয়বিদাৰক ! উৰাবাতৰিয়েই কাল হ'ল ৬ যাত্ৰীৰ ! বুধবাৰে বিয়লিৰ ভাগত মহাৰাষ্ট্ৰৰ জলগাঁৱত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৬জন ৰে’লযাত্ৰী নিহত হোৱাৰ উপৰি কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।   

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মহাৰাষ্ট্ৰত দুৰ্ঘটনা : ৰে’লত অগ্নিসংযোগৰ সন্দেহত বাহিৰলৈ জপিয়াই ৬যাত্ৰী নিহত

মহাৰাষ্ট্ৰত দুৰ্ঘটনা : ৰে’লত অগ্নিসংযোগৰ সন্দেহত বাহিৰলৈ জপিয়াই ৬যাত্ৰী নিহত

ডিজিটেল ডেস্ক : মৰ্মান্তিক- হৃদয়বিদাৰক ! উৰাবাতৰিয়েই কাল হ'ল ৬ যাত্ৰীৰ ! বুধবাৰে বিয়লিৰ ভাগত মহাৰাষ্ট্ৰৰ জলগাঁৱত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৬জন ৰে’লযাত্ৰী নিহত হোৱাৰ উপৰি কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।   

Advertisment

ঘটনা অনুসৰি পুষ্পক এক্সপ্ৰেছ নামৰ ৰে’লখনৰ যাত্ৰীসকলে ৰে’লখনত অগ্নিসংযোগ হোৱাৰ সন্দেহ কৰি বাহিৰলৈ জপিয়াই দিয়ে,তেনে সময়তে বিপৰীত দিশৰ পৰা আহি থকা কৰ্ণাটক এক্সপ্ৰেছৰ খুন্দাত ৬জন যাত্ৰী নিহত হোৱাৰ লগতে কেইবাগৰাকীও যাত্ৰী আঘাতপ্ৰাপ্ত হয়।

উল্লেখ্য যে আজি বিয়লি প্ৰায় ৪-১৯ বজাত বাডনেৰা জংচন ষ্টেচনত সংঘটিত হয় এই দুৰ্ঘটনা। লক্ষ্ণৌৰ পৰা মুম্বাই অভিমুখে আহিছিল পুষ্পক এক্সপ্ৰেছ। 

maharashtra