/asomiyapratidin/media/media_files/2025/02/26/evwO9pyMdOS41MKAJlOk.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ বিগত বহুদিনৰ পৰা প্ৰজ্ঞা ফাউণ্ডেছনে অসমৰ জাতীয় বীৰসকলৰ বীৰত্বৰ গাথা তথা জীৱন সামৰি পৰিবেশন কৰি আহিছে একাধিক নাটক। মহাবীৰ লাচিত, মহাবীৰ চিলাৰায়ৰ বীৰত্ব, জীৱন আৰু দেশপ্ৰেমৰ আখ্যান বৰ্ণনা কৰি ইতিপূৰ্বেই গুৱাহাটীৰ লাচিত ঘাটত মহা আড়ম্বৰেৰে জীৱন্ত হাতী ঘোঁৰা আদি লৈ পৰিবেশন কৰিছে নাটক।
এইবেলি প্ৰজ্ঞাই হাতত লৈছে অইন এক বিশাল আয়োজন। প্ৰসিদ্ধ নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ গৱেষণা আৰু ৰচনাৰে সৃষ্ট নাটক 'মহানায়ক পৃথু মহাৰাজ' দক্ষ পৰিচালক অসীমকৃষ্ণ বৰুৱাৰ পৰিচালনাৰে পৰিবেশন কৰাৰ আয়োজন চলিছে। অভিনেতা মন্মথ বৰুৱাৰ ব্যৱস্থাপনাত আগবঢ়া এই আয়োজনে দৰ্শকসকলক আগ্ৰহী কৰি তুলিছে। পৃথুৰ চৰিত্ৰ ৰূপায়ণ কৰিব জনপ্ৰিয় অভিনেতা দিব্যজ্যোতি দাসে।
তদুপৰি অন্য গুৰুত্বপূৰ্ণ চৰিত্ৰসমুহ ৰূপায়ন কৰিব ভৱেশ দাস,অমিতাভ ৰাজখোৱা,পল ফুকন,বিজিত দেৱ চৌধুৰী,প্ৰাণজিৎ প্ৰিতম কলিতা,জ্যোতিস্মান কাশ্যপ,প্ৰদ্যুত বৰুৱা,জয়ন্ত জিৎ দাস,মনোজ দাস,চন্দন বৰুৱা,মালা গোস্বামী,দীপান্বিতা দাস,অঞ্জু হাজৰিকা,বনলতা বৈশ্য,নিজৰা নমামি গগৈ আদিয়ে। অহা ১২ আৰু ১৩ মাৰ্চত লাচিত ঘাতত পৰিবেশিত হ'বলগীয়া নাটকখনৰ আখৰা পূৰ্ণগতিত অব্যাহত আছে।