/asomiyapratidin/media/media_files/2025/02/18/OUAYc5xngA32XEA5OLN6.jpg)
মহাকুম্ভ
ডিজিটেল ডেস্কঃ নিৰ্ধাৰিত ভক্ততকৈ অধিক ভক্তৰ সমাগম ঘটিছে মহাকুম্ভ মেলাত। সংগমস্থলীত স্নানৰ বাবে হেতাঁওপৰা লাগিছে ভক্তৰ মাজত। এতিয়ালৈকে বহুকেইটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত। ভক্তৰ উপস্থিতি আৰু আগমনৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে মহাকুম্ভ মেলাৰ সময়সীমা বৃদ্ধি কৰাৰ চিন্তা চৰ্চা কৰিছে বুলি খবৰ প্ৰকাশ পাইছিল।
অহা ২৬ফেব্ৰুৱাৰীত সমাপ্ত হ'বলগীয়া মহাকুম্ভ মেলাৰ সময়সীমাক লৈ শেহতীয়াকৈ স্থিতি স্পষ্ট কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। উত্তৰ প্ৰদেশ চৰকাৰে সদৰি কৰিছে যে, পূৰ্বে নিৰ্ধাৰিত সময় অনুসৰিয়েই সমাপ্তি ঘটিব মহাকুম্ভ মেলাৰ। ২৬ফেব্ৰুৱাৰীত নীতি-নিয়ম অনুসৰি সমাপ্তি ঘটিব মহাকুম্ভ মেলাৰ।
সময়সীমা বৃদ্ধিৰ প্ৰসংগটো এটা উৰাবাতৰি আখ্যা দি উত্তৰ প্ৰদেশ চৰকাৰে কয় যে, ২৬ফেব্ৰুৱাৰীৰলৈকে মহাকুম্ভলৈ অহা সকলো ভক্তৰ সেৱা-শুশ্ৰুষাৰ বাবে সাজু আছে উত্তৰ প্ৰদেশৰ চৰকাৰ। কোনে ভক্তই যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সকলোকে কঠোৰ নিৰ্দেশ প্ৰদানৰ কথাও সদৰি কৰে উত্তৰ প্ৰদেশ চৰকাৰে।
উল্লেখ কৰা প্ৰয়োজন যে, মহাকুম্ভত ৪৫কোটি ভক্তই স্নান কৰাৰ কথা আছিল যদিও এতিয়ালৈকে প্ৰায় ৫০কোটিৰো অধিক ভক্তই স্নান কৰিছে মহাকুম্ভ মেলাত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us