Advertisment

মহাকুম্ভ মেলাঃ ৪৫কোটি ভক্তৰ সমাৱেশ, চলিব ১০হাজাৰ বিশেষ ৰে'ল...

উত্তৰ ভাৰতৰ পূণ্যভূমি প্ৰয়াগৰাজত অহা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মীয় উৎসৱ মহাকুম্ভ মেলা। মহাকুম্ভ মেলাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে ব্যয় কৰিছে প্ৰায় ৬,৩৮২ কোটি টকা

author-image
Asomiya Pratidin
New Update
উত্তৰ প্ৰদেশ

উত্তৰ প্ৰদেশ Photograph: (অসমীয়া প্ৰতিদিন)

ডিজিটেল ডেস্কঃ উত্তৰ ভাৰতৰ পূণ্যভূমি প্ৰয়াগৰাজত অহা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মীয় উৎসৱ মহাকুম্ভ মেলা। মহাকুম্ভ মেলাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে ব্যয় কৰিছে প্ৰায় ৬,৩৮২ কোটি টকা।

Advertisment

৬৯০০০ হাজাৰ উচ্চক্ষমতা সম্পন্ন বিজুলী বাতিৰ পোহৰত নিশাও চমকি উঠিছে পূণ্যভূমি প্ৰয়াগৰাজ। ৰেল বিভাগে সদৰি কৰিছে, মহাকুম্ভৰ বাবে ১০হাজাৰ বিশেষ ৰেল চলাচল কৰা হব। প্ৰায় ৪৫কোটি ভক্তৰ বাবে সকলো ধৰণৰ সুবিধা উপলদ্ধ হোৱাকৈ ব্যৱস্থা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।

ইফালে ৰেল বিভাগে ভক্তসকলৰ বাবে বিশেষ ৰেলৰ লগতে  ভ্ৰমণ, স্বাস্থ্য সেৱা, আৰু সুৰক্ষা প্ৰট’কলৰ বিষয়ে প্ৰয়োজনীয় বিৱৰণ প্ৰদান কৰিবলৈ ২২টাতকৈও অধিক ভাষাত এখন তথ্য পুস্তিকা প্ৰস্তুত কৰা হৈছে।  প্ৰাথমিক চিকিৎসা আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সমাধানৰ বাবে সকলো ডাঙৰ ষ্টেচনতে চিকিৎসা বুথ আৰু সৰু সৰু চিকিৎসালয় স্থাপন কৰা হৈছে, য’ত প্ৰশিক্ষিত চিকিৎসা কৰ্মচাৰী ২৪ ঘণ্টাই উপলব্ধ হ'ব।

অহা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা মহাকুম্ভ মেলালৈ আহিব লগা ভক্তসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে চৰকাৰ-প্ৰশাসনৰ লগতে প্ৰয়াগৰাজৰ বহু স্বেচ্ছাসেৱী সংগঠনো সাঁজু হৈছে। আনহাতে মহাকুম্ভত এইবাৰ নিৰাপত্তাৰ দিশটোকো বিশেষভাৱে গুৰুত্ব দিয়া হৈছে।

 

উত্তৰ প্ৰদেশ