Advertisment

২৬ফেব্ৰুৱাৰীত মহা শিৱৰাত্ৰিঃ পূজাৰ সময় কেতিয়াৰ পৰা কেতিয়ালৈ, সবিশেষ...

অহা ২৬ফেব্ৰুৱাৰীত মহা শিৱৰাত্ৰি। ২৬ফেব্ৰুৱাৰী পুৱা ১১.০৮বজাৰ পৰা ২৭ফেব্ৰুৱাৰীৰ পুৱা ০৮.৫৪বজালৈকে এই শিৱৰাত্ৰি পূজাৰ সময়।  উদয়াতিথি আৰু পূজাৰ মূৰ্হুতলৈ চালে এইবাৰ শিৱৰাত্ৰি বুধবাৰেই পালিত হব। 

author-image
Asomiya Pratidin
New Update
মহা শিৱৰাত্ৰি

মহা শিৱৰাত্ৰি

ডিজিটেল ডেস্কঃ অহা ২৬ফেব্ৰুৱাৰীত মহা শিৱৰাত্ৰি। ২৬ফেব্ৰুৱাৰী পুৱা ১১.০৮বজাৰ পৰা ২৭ফেব্ৰুৱাৰীৰ পুৱা ০৮.৫৪বজালৈকে এই শিৱৰাত্ৰি পূজাৰ সময়।  উদয়াতিথি আৰু পূজাৰ মূৰ্হুতলৈ চালে এইবাৰ শিৱৰাত্ৰি বুধবাৰেই পালিত হব। 

Advertisment
  • মহা শিৱৰাত্ৰিৰ প্ৰথম প্ৰহৰৰ পূজাৰ সময় হৈছে- ২৬ফেব্ৰুৱাৰী সন্ধিয়া ৬.১৯বজাৰ পৰা ৯.২৬বজালৈ।
  • মহা শিৱৰাত্ৰিৰ দ্বিতীয় প্ৰহৰৰ পূজাৰ সময় হৈছে-  ৯.২৬বজাৰ পৰা ১২.৩৪বজালৈ( ২৭ফেব্ৰুৱাৰী)।
  • মহা শিৱৰাত্ৰিৰ তৃতীয় প্ৰহৰৰ পূজাৰ সময় হৈছে-  ২৭ফেব্ৰুৱাৰীৰ নিশা ১২.৩৪বজাৰ পৰা পুৱা ৩.১৪বজালৈ।
  • মহা শিৱৰাত্ৰিৰ চতুৰ্থটো প্ৰহৰৰ পূজাৰ সময়- ২৭ফেব্ৰুৱাৰীৰ ৩.৪১বজাৰ পৰা পুৱা ৬.৪৮বজালৈ। 

এইবেলি মহা শিৱৰাত্ৰিত শিৱ লিংগত জলাভিষেক কৰাৰ ব্ৰহ্ম মূৰ্হূতৰ  সময় হৈছে পুৱা ৫.০৯বজাৰ পৰা ০৫.৫৯লৈ আছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, শাস্ত্ৰত ব্ৰহ্ম মূৰ্হুতৰ সময় পুৱতি নিশা ০৩.৩০বজাৰ পৰা ৫.৩০লৈ ধৰা হয়।  

মহা শিৱৰাত্ৰিত যিসকলে ব্ৰত ৰাখে তেওঁলোকে ২৬ফেব্ৰুৱাৰীৰ পুৱা ৬.৪৮বজাৰ পৰা ২৭ফেব্ৰুৱাৰীৰ পুৱা ০৮.৫৪বজালৈকে ৰাখিব লাগিব। 

মহাদেৱ