চিন্ময় মিছন গুৱাহাটীৰ উদ্যোগত মহা শিৱৰাত্ৰি উদযাপন

চিন্ময় মিছন গুৱাহাটীৰ উদ্যোগত ৰুক্মিণীগাঁৱত এক আধ্যাত্মিক পৰিৱেশৰ মাজত মহা শিৱৰাত্ৰি পূজাভাগ অনুষ্ঠিত কৰা হয়। এই পূজাভাগত চিনমায়া মিছনৰ সদস্য তথা সমূহ কাৰ্যকৰ্তা উপস্থিত থাকে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মহা শিৱৰাত্ৰি উদযাপন

মহা শিৱৰাত্ৰি উদযাপন

ডিজিটেল ডেস্ক : চিন্ময় মিছন গুৱাহাটীৰ উদ্যোগত ৰুক্মিণীগাঁৱত এক আধ্যাত্মিক পৰিৱেশৰ মাজত মহা শিৱৰাত্ৰি পূজাভাগ অনুষ্ঠিত কৰা হয়। এই পূজাভাগত চিন্ময় মিছনৰ সদস্য তথা সমূহ কাৰ্যকৰ্তা উপস্থিত থাকে।

উল্লেখযোগ্য যে পূজাভাগ চাৰিটা প্ৰহৰত সম্পন্ন কৰা হয় বুলি উদ্যোক্তাই জনায়। প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ এই চাৰি প্ৰহৰৰ প্ৰতিটো প্ৰহৰতে ভক্তি- অৰ্ঘ্য নিবেদনেৰে পূজা সম্পন্ন কৰা হয়। 

মহা শিৱৰাত্ৰি উদযাপন
মহা শিৱৰাত্ৰি উদযাপন

আনহাতে এই পবিত্ৰ দিনটোত শিৱৰ সহস্ৰ নাম উচ্চাৰণ কৰি প্ৰায় শতাধিক ভক্তই সেৱা জনায়। ইয়াৰ পিছতে আৰম্ভ হয় ৰুদ্ৰ অভিষেক। 

একেদৰে অনুষ্ঠানত দেৱী পাৰ্বতী আৰু শিৱৰ ঐশ্বৰিক বিবাহৰ প্ৰতীক হিচাপে নৃত্য প্ৰদৰ্শন কৰা হয়। ভক্তিসুৰীয়া ভজনেৰে জীপাল হৈ পৰা অনুষ্ঠানৰ শেষত উপস্থিত ভক্তসকলৰ মাজত মহাপ্ৰসাদ বিতৰণ কৰা হয়।

শিৱৰাত্ৰি