/asomiyapratidin/media/media_files/2025/02/26/fjkW1a2tsx6e5Z6Ghh54.jpg)
ডিজিটেল ডেস্কঃ আজি মহা শিৱৰাত্ৰি। ৰাজ্যজুৰি দেৱাদিদেৱ মহাদেৱক আৰাধনা। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/ চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে। বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়।
আজিৰ দিনটোত শিৱ পৰিয়ালৰ উপাসনা গোটেই দিনে নিশাই পূজা–অৰ্চনা কৰা হয়। মহা শিৱৰাত্ৰিৰ দিনা পাঁচটা শুভ যোগ হৈছে কেদাৰ, বৰিষ্ঠা, শাশ, শংখা আৰু সৰ্বৰ্থ সিদ্ধি যোগ। মহা শিৱৰাত্ৰিৰ সৈতে শনি প্ৰদোষ ব্ৰতও পালন কৰা হয়।
বিশ্বাস অনুসৰি, মহা শিৱৰাত্ৰিৰ দিনা উপবাস আৰু শিৱক উপাসনা কৰিলে সকলো ইচ্ছা পূৰণ হয় আৰু পৰিত্ৰাণ প্ৰাপ্ত হয়। এই উৎসৱত জীৱন আৰু বিশ্বৰ "অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা"ৰ পণ স্মৰণ কৰা হয়।
ইয়াত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালন কৰে। কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়। উল্লেখ্য যে, মহা শিৱৰাত্ৰি উপলক্ষে গুৱাহাটীৰ উমানন্দ, শুক্ৰেশ্বৰ মন্দিৰৰ লগতে শিৱসাগৰৰ শিৱদৌলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহত আড়ম্বৰপূৰ্ণভাৱে শিৱ পূজাৰ আয়োজন কৰা হৈছে।
পুৱাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশবাসীক জনালে শিৱৰাত্ৰিৰ শুভেচ্ছা। দুয়োগৰাকীয়ে এই পৱিত্ৰ দিনটোত দেশবাসীৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us