Advertisment

শিলচৰত মেজিক ভানৰ খুন্দাত নিহত অটো‌ যাত্ৰী, চালকক জেললৈ প্ৰেৰণ..

শিলচৰৰ কাঠাল‌ ৰোডত দেওবাৰে তীব্ৰবেগী এখন মেজিক ভানে অটো এখনত খুন্দিওৱাৰ ফলত থিতাতে নিহত হৈছিল এগৰাকী অটো যাত্ৰী। লগতে আহত হৈছিল আন চাৰিজন লোক। মৃত্যু হৈছিল হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম উত্তৰ কাঞ্চনপুৰৰ বাসিন্দা শেখৰ চন্দ্ৰ দাসৰ । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,শিলচৰঃ  শিলচৰৰ কাঠাল‌ ৰোডত দেওবাৰে তীব্ৰবেগী এখন মেজিক ভানে অটো এখনত খুন্দিওৱাৰ ফলত থিতাতে নিহত হৈছিল এগৰাকী অটো যাত্ৰী। লগতে আহত হৈছিল আন চাৰিজন লোক। মৃত্যু হৈছিল হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম উত্তৰ কাঞ্চনপুৰৰ বাসিন্দা শেখৰ চন্দ্ৰ দাসৰ । 

Advertisment

দুৰ্ঘটনা সংঘটিত কৰাৰ পিচত মেজিক ভানখন পলাবলৈ চেষ্টা কৰে যদিও‌ স্হানীয় লোকে কৰায়ত্ব কৰে মেজিক বাহনসহ ঘাটক চালক ইজাজুল হক মজুমদাৰক।  পিচত  যান বাহন আৰক্ষীক গতাই দিয়া হয় ইজাজুল হকক। শিলচৰ সদৰ থানাৰ যান বাহন  আৰক্ষীয়ে এই সংক্ৰান্তত BNS, ৰ 281/110/106(1)/125(b) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি  ইজাজুল হক মজুমদাৰক গ্ৰেপ্তাৰ  কৰে। 

গ্ৰেপ্তাৰৰ পিচত সোমবাৰে  ইজাজুল হকক আদালতত হাজিৰ কৰা হয়।  আদালতে তেওঁক জেল-হাজোতলৈ প্ৰেৰণ কৰে।  ইজাজুল হকৰ‌ ঘৰ শিলচৰ কাঠাল‌ ৰোডৰ চন্দ্ৰপুৰত।

হাইলাকান্দি