মহাৰাষ্ট্ৰ- ঝাৰখণ্ডত মেজিক সংখ্যা স্পৰ্শ এন ডি এৰ

সদ্য অনুষ্ঠিত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত এন ডি এয়ে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
assembly

ডিজিটেল ডেস্ক : সদ্য অনুষ্ঠিত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত এন ডি এয়ে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। ২৮৮ খন আসনযুক্ত মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হ’ব ১৪৫খন আসন। 

Advertisment

এই সংখ্যা ইতিমধ্যে অতিক্ৰম কৰিছে এন ডি এ। ৰাজ্যখনত ১৯০খন আসনত অগ্ৰগতি লাভ কৰিছে এন ডি এৰ প্ৰাৰ্থীয়ে। ইয়াৰ বিপৰীতে ৭৫খন আসনত আগবাঢ়ি  আছে এম ভি এৰ প্ৰাৰ্থী। 

ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনতো দেখা গৈছে এন ডি এৰ অগ্ৰগতি। ৰাজ্যখনৰ ৮১খন আসনৰ ভিতৰত ৪২খনতে এন ডি এৰ প্ৰাৰ্থী আগবাঢ়ি আছে। ইণ্ডিয়াৰ প্ৰাৰ্থী আগবাঢ়ি আছে ৩৬খন আসনত। ঝাৰখণ্ডত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ সংখ্যা ৪১।

jharkhand maharashtra 2024 election