মাঘী পূৰ্ণিমা : ৰঞ্চাইধাম-গোসাইগাঁৱৰ ৰূপামণি বাথৌ মন্দিৰত বিশ্বশান্তি যজ্ঞ

পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে বুধবাৰে চিৰাং জিলাৰ ৰঞ্চাইধাম -গোসাইগাঁওস্থিত ৰূপামণি বাথৌ মন্দিৰত বছৰেকীয়া ৪৫ সংখ্যক বিশ্বশান্তি যজ্ঞ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বিশ্বশান্তি যজ্ঞ

বিশ্বশান্তি যজ্ঞ

ডিজিটেল সংবাদ,চিৰাং : পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে বুধবাৰে চিৰাং জিলাৰ ৰঞ্চাইধাম -গোসাইগাঁওস্থিত ৰূপামণি বাথৌ মন্দিৰত বছৰেকীয়া ৪৫ সংখ্যক বিশ্বশান্তি যজ্ঞ অনুষ্ঠিত হয় । বিগত বছৰৰ দৰে এইবেলিও মাঘী পূৰ্ণিমা উপলক্ষে আয়োজিত তিনিদিনীয়া কাৰ্য্যসূচীৰ আজি অন্তিম দিনত বিশেষ যজ্ঞানুষ্ঠানক কেন্দ্ৰ কৰি ৰূপামণি বাথৌ মন্দিৰ দৌহদত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে ।

Advertisment

পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ উপৰি পশ্চিমবংগৰ পৰা অহা হেজাৰ হেজাৰ বড়ো জনগোষ্ঠীয় ভক্তপ্ৰাণ ৰাইজে দীঘলীয়া শাৰীপাতি বিশ্বশান্তি যজ্ঞ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভীৰ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে বড়োসকলৰ পৰম্পৰাগত বাথৌ ধৰ্মক কিছু সংস্কাৰ সাধন কৰি ১৯৮০ চনত ধৰ্মীয় গুৰুমাতা ৰূপামণি নাৰ্জাৰীয়ে ৰূপামণি বাথৌ ধৰ্মৰ প্ৰবৰ্তন কৰিছিল।

আদি বাথৌ ধৰ্মৰ পৰম্পৰাগত বলি প্ৰথা বৰ্জন কৰি কেৱল ফুল আৰু বেলপাতেৰে বাথৌ অৰ্থ্যাৎ শিৱ-পাৰ্বতীক আৰাধনা আৰু যজ্ঞ অনুষ্ঠিত কৰাৰ প্ৰচলন আৰম্ভ কৰিছিল । পৰৱৰ্তী সময়ত ৰূপামণি বাথৌ ধৰ্মৰ অনুগামীৰ অসমৰ বিভিন্ন জিলাৰ উপৰি চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গলৈ বিয়পি যায় ।

১৯৮০ চনৰ পৰাই প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিন ৰঞ্চাইধাম-গোসাইগাঁৱৰ ৰূপামণি বাথৌ ধৰ্মৰ কেন্দ্ৰীয় মন্দিৰত সমগ্ৰ বিশ্বৰ মানৱ জাতি আৰু জীৱকূলৰ কল্যাণৰ হকে বিশ্বশান্তি যজ্ঞ অনুষ্ঠিত কৰি আহিছে । আজি ৰূপামণি বাথৌ মন্দিৰত এখন বিশেষ ধৰ্মীয় সভা অনুষ্ঠিত হয় । হেজাৰ হেজাৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা ধৰ্মীয় সভাত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়ো । তাৰ আগতে প্ৰমোদ বড়োই বিশ্বশান্তি যজ্ঞত যজ্ঞাহুতি অৰ্পন কৰি সকলোৰে মঙ্গল কামনা কৰি নেদেখাজনক প্ৰাৰ্থনা কৰে ।

chirang