নগাঁৱৰ ৰেংবেঙত মাঘী পূৰ্ণিমা উৎসৱ উদযাপন

নগাঁৱৰ ৰেংবেং বগাজুৰি ৰাজিম লোচন বিষ্ণু মন্দিৰ প্ৰাংগনত হোজাই, নগাঁও আৰু কাৰ্বি আংলং জিলাৰ চাহু সমিতি ও মাঘী পূৰ্ণমা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়াকৈ মাঘী পূৰ্ণিমা উৎসৱটি উদযাপন কৰা হয়। বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰীত মাঘী পূৰ্ণিমা উৎসৱটি উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ ৰেংবেঙত মাঘী পূৰ্ণিমা উৎসৱ উদযাপন

নগাঁৱৰ ৰেংবেঙত মাঘী পূৰ্ণিমা উৎসৱ উদযাপন

ডিজিটেল সংবাদ, কামপুৰ : নগাঁৱৰ ৰেংবেং বগাজুৰি ৰাজিম লোচন বিষ্ণু মন্দিৰ প্ৰাংগনত হোজাই, নগাঁও আৰু কাৰ্বি আংলং জিলাৰ চাহু সমিতি ও মাঘী পূৰ্ণমা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়াকৈ মাঘী পূৰ্ণিমা উৎসৱটি উদযাপন কৰা হয়। বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰীত মাঘী পূৰ্ণিমা উৎসৱটি উদযাপন কৰা হয়।

Advertisment

কাৰ্য্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ধৰ্মধ্বজ্জা উত্তোলন, চৌকা আৰতি আৰম্ভ, ৰুদ্ৰা অভিষেক, চৌকা আৰতি সমাপ্ত ও প্ৰসাদ বিতৰণ কৰা হয়। লগতে ভজন সংগীত, বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পন্ন কৰা হয়। একেদৰে দ্বিতীয় দিনা বিগ্ৰহ পূজা, ২৪ঘণ্টীয়া মহা বিষ্ণুযজ্ঞ ও অখণ্ড ৰামায়ণ পাঠ আৰু অন্তিম দিনা পাঠ সামৰণী ও পূৰ্ণ আহুতি, ভজন পৰিবেশনৰ লগতে মহা প্ৰসাদ বিতৰণ কৰা হয়। 

সম্পূৰ্ণ মাংগলিক নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠান সাফল্য মণ্ডিত তথা সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আয়োজক সমিতিয়ে।

kampur