/asomiyapratidin/media/media_files/2025/02/12/Nx0L8BF2hA42WWSvReZ7.jpg)
কঠীয়াতলীত মাঘী পূৰ্ণিমা উদযাপন
ডিজিটেল সংবাদ, কামপুৰ : নগাঁও কঠীয়াতলী নামবৰ লালুং গাঁও কবীৰ পন্থি সমাজৰ উদ্যোগত বিগত বৰ্ষৰ দৰে চলিত ৰ্বষতো ১১ আৰু ১২ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে মাঘী পূৰ্ণিমা উৎসৱটি উদযাপন কৰা হয়। কাৰ্য্যসূচী অনুসৰি প্ৰথম দিনা পূৱা বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, ধৰ্মীয় আলোচনা,ধৰ্মৰ্ধজা উত্তোলন,সৎ সংগ প্ৰৱচন কৰা হয়।
একেদৰে দ্বিতীয় দিনা শিবিৰ মুকলি,নাম কীৰ্তন, ধৰ্মীয় শোভাযাত্ৰা,কবীৰ পন্থি সমাজৰ ধৰ্মীয় আলোচনা আৰু সৎ সংগ প্ৰৱচন আদি বিভিন্ন ধৰনৰ কাৰ্যসূচী পালন কৰা হয়। সম্পূৰ্ণ মাংগলিক নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠান সাফল্যমণ্ডিত তথা সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আয়োজক সমিতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us