/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/3957b2dc-59cc-4490-9d40-fb75ec9be2da/Pratidin_Template__11_.png)
ডিজিটোল ডেস্ক: বতৰ সলনি হৈছে।পৰিৱৰ্তিত ঋতুৰ লগে লগে মানুহৰ শৰীৰত নানা ধৰণৰ ৰোগৰ আৰ্ৱিভাৱ হোৱা পৰিলক্ষিত হয়।এই সময়ছোৱাত বিশেষভাৱে দেখা দিয়া এক ৰোগ হৈছে চকুৰ ৰোগ।শেহতীয়াকৈ দেশৰ আন ৰাজ্যৰ সমান্তৰালকৈ অসমতো বিয়পি পৰিছে এই ৰোগ।অসমত সকলো চকুৰ ৰোগকে সকলোয়ে ‘জয়বাংগা’ বুলিয়েই ক’ব খোজে যদিও কেইদিনমানৰ পৰা সকলোতে দেখা দিয়া এই ৰোগবিধৰ নাম ‘কনজাংটিভাইটিছ’। ‘কনজাংটিভাইটিছ’ এক সংক্ৰমিত ৰোগ।ইয়াক ‘মাদ্ৰাজ আই’ বা ‘পিংক আই’ বুলিও জনা যায়।
‘কনজাংটিভাইটিছ’ / মাদ্ৰাজ আইৰ লক্ষণসমূহ-
চকু ৰঙা পৰা।
চকুৰ খজুৱতি।
চকুত জ্বলা-পোৰা।
চকুত কিবা সোমাই থকাৰ দৰে অনুভৱ হোৱা।
চকুৰ পৰা চকুপানীৰ দৰে স্ৰাৱ ওলোৱা।
চকুৰ বগা অংশ ফুলি উঠা।
ৰাতিপুৱা চকু বন্ধ হৈ থকা।
‘কনজাংটিভাইটিছ’ / মাদ্ৰাজ আই ৰ কাৰণ-
এলাৰ্জি
বেক্টেৰিয়া
ভাইৰাছ
ৰাসায়নিক পদাৰ্থ
অটোইমিউন
বেক্টেৰিয়া আৰু ভাইৰাছেই 'কনজাংটিভাইটিছ' ৰোগৰ প্ৰধান কাৰণ।এই ৰোগ এটা চকুৰ পৰা সোনকালেই আনটো চকুলৈ বিয়পি পৰে।ইয়াৰ পাছত এজনৰ পৰা আনজনলৈ তথা সকলোতে বিয়পি পৰে।শিশুসকল এই ৰোগত অতি সোনকালেই আক্ৰান্ত হয়।
প্ৰতিৰোধৰ উপায়-
মূলতে ভাইৰেল আৰু বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা এই ৰোগ হোৱাৰ বাবে ইয়াৰ কোনো নিদ্দিষ্ট চিকিৎসা নাই। কিন্তু এই ৰোগ প্ৰতিৰোধৰ বাবে আমি কেতবোৰ সাৱধানতা অৱলম্বন কৰোটো অত্যন্ত প্ৰয়োজনীয়।এই ৰোগত আক্ৰান্ত হ'লে আমি সঘনাই হাত ধুব লাগে,যাতে হাতৰ পৰা আনটো চকু নাইবা বেলেগলৈ এই ৰোগ বিয়পিব নোৱাৰে। বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা বেছিভাগ ৰোগ চিকিৎসা অবিহনে সমাধান হয়। অৱশ্যে, এণ্টিবায়টিকে ৰোগটো কিছু হ্ৰাস কৰিব পাৰে। যিসকল লোকে ‘কণ্টেক্ট লেন্স’ পিন্ধে আৰু যিসকলৰ সংক্ৰমণ গনোৰিয়া বা ক্লেমাইডিয়াৰ ফলত হয় তেওঁলোকে সোনকালে চিকিৎসকৰ কাষ চপা উচিত।এলাৰ্জিক ৰোগীক চকুৰ দৰৱৰ দ্বাৰা চিকিৎসা কৰিব পাৰি।
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতি বছৰে প্ৰায় ৩ ৰ পৰা ৬ নিযুত লোক ‘কনজাংটিভাইটিছ’ ৰোগত আক্ৰান্ত হয়। প্ৰাপ্তবয়স্কলোকৰ ক্ষেত্ৰত এই ৰোগ সচৰাচৰ ভাইৰেল হয়। আনহাতে, বেক্টেৰিয়াৰ কাৰণে শিশুৰ ক্ষেত্ৰত এই ৰোগ হয়। এক বা দুই সপ্তাহৰ ভিতৰতে এই ৰোগৰ পৰা পৰিত্ৰান পায় যদিও কিছু কিছু লক্ষণ দীৰ্ঘস্থায়ী হ’লে চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে। নৱজাতকসকলেও ‘কনজাংটিভাইটিছ’ ৰোগত আক্ৰান্ত হ’ব পাৰে, যাক নৱজাতক ‘কনজাংটিভাইটিছ’ বুলি কোৱা হয়।
বৰ্তমান তামিলনাডুত ‘কনজাংটিভাইটিছ’ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। ‘কনজাংটিভাইটিছ’ বা ‘মাদ্ৰাজ আই’ৰ বৰ্ধিত সংখ্যাই তামিলনাডুত যথেষ্ট চিন্তাৰ সৃষ্টি কৰিছে।ৰাজ্যখনৰ প্ৰায় ৪৫০০ লোকৰ প্ৰতিদিনে এই চকুৰ সংক্ৰমণত আক্ৰান্ত হৈ আছে।
Also Read: 10 Best Picnic Spots in Assam: অসমৰ কেইখনমান উল্লেখনীয় বনভোজস্থলী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us