Advertisment

ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে মধুপুৰ সত্ৰত "মধুপুৰ মহোৎসৱ" আৰম্ভ….

হাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ স্থান উত্তৰ-বংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত মঙলবাৰেৰ পৰা দুদিনীয়াকৈ "মধুপুৰ মহোৎসৱ" অনুষ্ঠিত হৈছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ স্থান উত্তৰ-বংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত মঙলবাৰেৰ পৰা দুদিনীয়াকৈ "মধুপুৰ মহোৎসৱ" অনুষ্ঠিত হৈছে। উত্তৰ-বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয় ৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে,  মধুপুৰ মহোৎসৱ উৎযাপন সমিতিৰ উদ্যোগত আৰু  অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ সহযোগত আজি আবেলি মধুপুৰ সত্ৰত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়।

Advertisment

সাহিত্য চৰ্চা কেন্দ্ৰ, অসমৰ সভাপতি ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে সভাপতিত্ব কৰা আলোচনা চক্ৰখন উদ্ধোধন কৰে মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড পীতাম্বৰ দেৱগোস্বামীয়ে। আলোচনা চক্ৰ উদ্ধোধন কৰি তেওঁ মধ্যযুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাগধী, পালি,প্ৰাকৃত, মৈথেলী আদি ভাষা সেই সময়তে অধ্যয়ন কৰি সেই সময়ত ব্ৰজাৱলী ভাষাৰ উৎপত্তি কৰি বিভিন্ন গীত, নাট আৰু বিভিন্ন গ্ৰন্থ ৰচনা কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ছয়ত্ৰিশ প্ৰকাৰৰ বিজ্ঞ লোক আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ  আছিল অসমৰ  ভাস্কৰ। সাধাৰণ জনতাক ভেটি বুলি ভাবিলে বিশ্ব সভালৈ যাবলৈ বেছি পৰ নালাগিব। বৈষ্ণৱ সাহিত্যৰ যোগেদি মহাপুৰুষগৰাকীয়ে অসমৰ মানুহক সত্ৰ ,নামঘৰ আদিৰ যোগেদি  আকোঁৱালি লৈছিল। অসমৰ সকলো সত্ৰৰ ভকত বৈষ্ণৱক মধুপুৰ সত্ৰলৈ আহিবলৈ আহ্বান জনায় ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে।

আলোচনা চক্ৰত ভাগত অংশগ্ৰহণ কৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে কয় যে,  আৰ্য ভাষাটো মূলত সংস্কৃত ভাষা। মহৰ্ষি পাণিনিৰ দাৰা ৰচিত অষ্টাধ্যয়ী নামৰ গ্ৰন্থ ৰচনাৰ পিছত ব্যাকৰণীয়ভাৱে সংস্কৃত ভাষা ব্যৱহাৰ হ'বলৈ ধৰে। আলোচনা চক্ৰত  সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, নতুন জিনকাটা সত্ৰৰ সত্ৰাধিকাৰ বিচিত্ৰ নাৰায়ণ ভকত, উজান বাঁহবাৰী সত্ৰৰ সত্ৰাধিকাৰ জয়ন্ত পাঠক আৰু মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকত উপস্থিত থাকে।

আজিৰ এই অনুষ্ঠানতেই মুখ্য সম্পাদক কুমাৰ দীপক দাস আৰু সম্পাদক যুগান্ত বায়ন আৰু হৰিদেৱ দাসৰ সম্পাদনাত প্ৰকাশ হোৱা স্মৃতিগ্ৰন্থ "মধুপুৰ" উন্মোচন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড বাবুল দাসে। স্মৃতি গ্ৰন্থ উন্মোচন কৰি তেওঁ কয় যে, একো একোটা অনুষ্ঠানৰ ইতিহাস অদূৰ ভৱিষ্যতলৈ ৰৈ থাকে স্মৃতিগ্ৰন্থত।

আলোচনা চক্ৰত আদৰণি ভাষণ দিয়ে উলিয়াম নগৰ চৰকাৰী কলেজৰ অৱসৰী অধ্যক্ষ তথা সাহিত্য চৰ্চা কেন্দ্ৰৰ যুটীয়া সম্পাদক ড পৰিতোষ চক্ৰবৰ্তীয়ে। ভাষণ প্ৰসংগত তেওঁ পালি, প্ৰাকৃত আৰু মাগধী ভাষাৰ সমন্বয়ৰ যোগেদি মহাপুৰুষ জনাই অসমীয়া লোকক একতাৰ ডোলেৰে বান্ধিছিল ৷

বুধবাৰে পুৱা ৮ বজাত ভাগৱত শোভাযাত্ৰা ৯ বজাত প্ৰসংগ আৰু পালনাম সমাৰোহৰ লগতে ১১ বজাত থিয়নাম সমাৰোহ অনুষ্ঠিত হ'ব। আবেলি ৩ বজাত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত বৰপেটা সত্ৰৰ নৱ-নিৰ্বাচিত বুঢ়াসত্ৰীয়া ড বাবুল চন্দ্ৰ  দাসক বিশেষভাৱে অভিনন্দন জনোৱাৰ লগতে উত্তৰ-বংগৰ বিশিষ্ট সমাজ সংগঠক প্ৰাক্তন মন্ত্ৰী ৰবীন্দ্ৰ ঘোষ, বিশিষ্ট নাট্যকাৰ আৰু লেখক দীপায়ন ভট্টাচাৰ্য্য আৰু প্ৰিয়ব্ৰত বৰ্মনক সম্বৰ্ধনা জনোৱা হ'ব।

সন্ধিয়া ৫ বজাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ড দ্বীপেন দাসৰ পৰিচালনাত যোৰহাটৰ নৃ-গোষ্ঠীয় সাংস্কৃতিক মঞ্চই "সীতাহৰণ-বালিবধ" ভাওনা প্ৰদৰ্শন কৰিব।

মধুপুৰ সত্ৰ কোচ বিহাৰ