Advertisment

অসমৰ বিভিন্ন জিলাত 'মধুপুৰ শাখা সত্ৰ' খোলাৰ আহ্বান ডেকা সত্ৰাধিকাৰ মাধৱ দেব মহন্তৰ

কোচবিহাৰৰ শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ বুঢ়ীৰ পো গোবিন্দ আতৈ প্ৰভুৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি ২৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা মধুপুৰ উৎসৱৰ শুকুৰবাৰে সফলভাৱে সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
সফলভাৱে সামৰণি পৰিল মধুপুৰ উৎসৱৰ

সফলভাৱে সামৰণি পৰিল মধুপুৰ উৎসৱৰ

ডিজিটেল সংবাদ, ধুবুৰী : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ ভূমি পশ্চিমবংগৰ কোচবিহাৰৰ শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ বুঢ়ীৰ পো গোবিন্দ আতৈ প্ৰভুৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি ২৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা মধুপুৰ উৎসৱৰ শুকুৰবাৰে সফলভাৱে সামৰণি পৰে।  সামৰণি অনুষ্ঠানত আজি মধুপুৰ সত্ৰ প্ৰাংগণত এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। 

Advertisment

অসম আৰু পশ্চিম বংগ দুয়োখন ৰাজ্যৰ পৰা অগণণ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰে সত্ৰখনত। মধুপুৰ উৎসৱৰ  সামৰণি অনুষ্ঠানৰ দিনা পুৱা ৯-০০ বজাত ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে বিভিন্ন কাৰ্যসূচীৰ বিশেষকৈ ধৰ্ম ধ্বজা উত্তোলন, গছপুলি ৰোপণ, নাম- প্ৰসংগ আৰু প্ৰসাদ বিতৰণৰ লগতে নিৰ্মালি প্ৰদান অনুষ্ঠান, সেৱাৰ বস্তু প্ৰদৰ্শন, থিয় নামৰ আয়োজন কৰা হয়। বিয়লি ৪ বজাত ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। 

ইয়াৰ লগতে বৰগীত পৰিৱেশন, সম্বৰ্ধনা অনুষ্ঠান আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় উক্ত অনুষ্ঠানত। আজিৰ অনুষ্ঠানত অসম আৰু পশ্চিমবংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকলৰ লগতে বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে অমলেন্দু চক্ৰৱৰ্তী। আনহাতে স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে ড° দিব্যজ্যোতি মহন্তই। 

ইফালে সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত কৃষ্ণ নৃত্য আৰু ঝুমুৰ নৃত্য, ভোৰতাল নৃত্য, লোকগীত আৰু অংকীয়া নাট প্ৰদৰ্শন কৰা হয়। ইপিনে মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধৱ দেব মহন্তই কয় যে পশ্চিমবংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মধুপুৰ উৎসৱৰ আয়োজন কৰাৰ বাবে তেওঁ মুখ্যমন্ত্ৰীগৰাকীতক ধন্যবাদ জ্ঞাপন কৰে। 

তেওঁ লগতে কয় যে অসম চৰকাৰে মধুপুৰ সত্ৰৰ প্ৰতি দৃষ্টি ৰাখি ইয়াৰ আন্তঃগাঁথনিৰ উন্নয়য়নৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ বাবে আহ্বান জনাইছে। বিশেষকৈ পশ্চিমবংগত ভালে সংখ্যক সত্ৰৰ অৱস্থিতিৰ কথা উনুকিয়াই পশ্চিমবংগৰ সেই সত্ৰসমূহৰ উন্নয়নৰ বাবেও অসম চৰকাৰক দৃষ্টি নিক্ষেপ কৰিবলৈ ডেকা সত্ৰাধিকাৰজনে আহ্বান জনায়। 

তদুপৰি মধুপুৰ সত্ৰক চিৰ যুগমীয়া কৰি ৰাখিবলৈ মধুপৰ সত্ৰৰ নামত অসমৰ বিভিন্ন জিলাত 'শাখা সত্ৰ' খোলাৰ বাবেও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তেওঁ অনুৰোধ জনায়।

madhupur satra