ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ জাতীয় জীৱনক প্ৰতিটো দিশকে সম্বৃদ্ধিশালী কৰা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰ্শন আৰু আদৰ্শৰ লগতে যুগমীয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ঐতিহাসিক কোচবিহাৰৰ মধুপুৰ সত্ৰ আৰু কোচবিহাৰত প্ৰতি বছৰে আয়োজন কৰা হয় মধুপুৰ মহোৎসৱ। এইবেলিও অহা ২৪ আৰু ২৫ ডিচেম্বৰত সত্ৰীয়া পৰম্পৰাৰে বৰ্ণাঢ্য ৰূপত মধুপুৰ সত্ৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে উৎযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।
মধুপুৰ মহোৎসৱ ২০২৪ উৎযাপন সমিতিৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানী আৰু মুখ্য আহ্বায়ক কুমাৰ দীপক দাস আৰু মধুপুৰ উত্তৰ-বংগ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয় ৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে এটা বিবৃতি যোগে মধুপুৰ মহোৎসৱৰ বিতং কাৰ্যসূচী প্ৰকাশ কৰিছে। কাৰ্যসূচী অনুসৰি ২৪ ডিচেম্বৰৰ দিনৰ এক বজাত সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত আৰু মধুপুৰ মহোৎসৱ উৎযাপন সমিতিৰ সহযোগত সত্ৰীয়া সাহিত্য সংস্কৃতিৰ ওপৰত এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে মধুপুৰ মহোৎসৱ উপলক্ষ্যে প্ৰকাশ হ'বলগীয়া স্মৰণিকা "মধুপুৰ" উন্মোচন কৰা হ'ব। এই আলোচনা চক্ৰ আৰু স্মৰণিকা উন্মোচন কৰিব মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড⁰ পীতাম্বৰ দেৱগোস্বামীয়ে।
আবেলি ৪ বজাত ভাগৱৎ প্ৰবচন আৰু সন্ধিয়া ৫ বজাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত বিশিষ্ট লোকশিল্পী জবা চক্ৰৱৰ্তীয়ে লোকসংগীতৰ অনুষ্ঠান পৰিৱেশন কৰিব।
২৫ ডিচেম্বৰৰ দ্বিতীয় দিনৰ কাৰ্যসূচীমৰ্মে ৰাতিপুৱা ৮ বজাত ভাগৱৎ শোভাযাত্ৰাৰে আৰম্ভ হোৱাৰ পিছত ৰাতিপুৱা ৯ বজাত প্ৰসংগ আৰু পালনাম সমাৰোহ আৰু ১১ বজাত থিয়নাম সমাৰোহ অনুষ্ঠিত হ'ব। ইয়াৰ পিছত আবেলি ৩ বজাত মুকলি সভা আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হ'ব। অভিনন্দন অনুষ্ঠানত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নৱনিৰ্বাচিত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড⁰ বাবুল দাসক বিশেষভাৱে অভিনন্দন জনোৱা হ'ব। মুকলি সভাত অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।
লগতে উত্তৰ-বংগ আৰু অসমৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত থাকিব দ্বিতীয় দিনাৰ কাৰ্যসূচীত। সন্ধিয়া ৫ বজাত সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত পৰিৱেশন কৰিবলগীয়া ড⁰ দ্বিপেন দাসৰ পৰিচালনাত যোৰহাটৰ নৃগোষ্ঠীয় সংস্কৃতি মঞ্চই "সীতাহৰণ-বালিবধ" ভাওনা প্ৰদৰ্শনেৰে মহোৎসৱৰ সামৰণি পৰিব।
২৪-২৫ ডিচেম্বৰৰ মধুপুৰ মহোৎসৱৰ সকলো কাৰ্যসূচীত অসমৰ লগতে উত্তৰ-বংগৰ বিভিন্ন প্ৰান্তৰ ধৰ্মপ্ৰাণ ব্যক্তিক উপস্থিত থাকিবলৈ উৎযাপন সমিতিয়ে আহ্বান জনাইছে।