মাধৱদেৱ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নিতকৰণ, উৎফুল্লিত নাৰায়ণপুৰবাসী

মাধৱদেৱ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নিতকৰণ, উৎফুল্লিত নাৰায়ণপুৰবাসী

author-image
asomiyapratidin
New Update
মাধৱদেৱ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নিতকৰণ, উৎফুল্লিত নাৰায়ণপুৰবাসী

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ অপেক্ষাৰ অন্ত পৰিল। অৱশেষত বহু আকাংক্ষিত ভাল খবৰটো আহিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰবাসীৰ মাজলৈ। ১৯৬৪ চনতে প্ৰতিষ্ঠা লাভ কৰা উত্তৰ অসমৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয় উন্নীতকৰণ হৈছে মাধৱদেৱ বিশ্ববিদ্যালয়লৈ।

Advertisment

ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক, বিশিষ্ট বিজ্ঞানী ডঃ দিবাকৰ চন্দ্ৰ ডেকাক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। অতি সোনকালেই তেওঁ আহি বিশ্ববিদ্যালয় খনত যোগদান কৰিব বুলি আশা প্ৰকাশ কৰিছে মাধৱদেৱ মহাবিদ্যালয় কৰ্তৃপক্ষই।

সকলোৰে হেপাঁহৰ আপোন মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাক লৈ মহাবিদ্যালয়খনৰ শিক্ষক-ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসী শিক্ষানুৰাগী ৰাইজ উৎফুল্লিত হৈ পৰিছে। আদৰণি জনাইছে বিভিন্ন দল-সংগঠনেও। কিয়নো উত্তৰ অসমত একমাত্ৰ এই খনেই হ'ব উচ্চ শিক্ষাৰ প্ৰথমখন অনুষ্ঠান।

উল্লেখ্য যে, সদ্যঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত লখিমপুৰ জিলাখনে অসমৰ ভিতৰতে সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। আৰু এতিয়া এই বিশ্ববিদ্যালয়খনে শিক্ষাৰ ক্ষেত্ৰত লখিমপুৰ জিলাৰ লগতে বিশ্বনাথ, ঢকুৱাখনা আৰু মাজুলী জিলাৰ ছাত্ৰ-ছাত্ৰী সকল বিশেষভাবে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰিছে বৃহত্তৰ অঞ্চলটোৰ শিক্ষানুৰাগী সকলে।