/asomiyapratidin/media/media_files/2025/06/13/xCkHnOh7kT86dnzHf7A9.jpg)
ডিজিটেল ডেস্কঃ পোন প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক জন্মোৎসৱৰ আয়োজন কৰা হয়। এই উপলক্ষত সিংহলী ভাষাত গুৰুজনাৰ এটি বৰগীত পৰিবেশন কৰা হয়, যিটো বিগত প্ৰায় ৫ শতিকাত তেৰাসৱৰ কোনো বিদেশী ভাষাত অনুবাদ আৰু পৰিবেশন কৰা প্ৰথমটো বৰগীত।
কেন্দ্ৰটোৰ পৰিচালক আৰু প্ৰথম সচিব অধ্যাপক অংকুৰণ দত্তই পৰিচালনা কৰা - উঠ ৰে উঠ বাপু গোপাল হে- বৰগীতটি অনুবাদ কৰিছে অধ্যাপক উপুল ৰঞ্জিতে হেৱাৱিটানগমগেয়ে আৰু সিংহলী ভাষাত পৰিবেশন কৰিছে অসীথ আট্টাপ্ট্টুৱে। পমলকা মনুজিত কৰুণানায়কে চাৰেংগী আৰু এছৰাজ, দিনাঞ্জনা মাদুসংকাই বাঁহী আৰু মিলিণ্ডা টেনাকুনে চেতাঁৰ পৰিবেশন কৰিছে।
ইফালে জন্মোৎসৱ উপলক্ষে শ্ৰীজয়ৱৰ্ধনপুৰা বিশ্ববিদ্যালয়ৰ অধ্যাপক গামিনী ৰানাসিংহই অসমীয়া সমাজত নামঘৰক আধ্যাত্মিকতাৰ কেন্দ্ৰ হিচাপে আৰু নামঘৰৰ স্থপতি শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ অৱদানৰ ওপৰত ভাষণ প্ৰদান কৰে। শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ শৈক্ষিত বিষয়া সঞ্জীৱনী বিদ্যাৰত্নই মাজুলীৰ সত্ৰ সংস্কৃতিৰ বিষয়ে তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰে।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰীলংকা ভ্ৰমণত মহাপুৰুষ দুজনাৰ সিংহলী ভাষাত বাণীবদ্ধ কৰা দুটি বৰগীত প্ৰদৰ্শন কৰিছিল কলম্বোৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তই। এই বৰগীত দুটি কেন্দ্ৰৰ ইউটিউব চেনেল- https://youtube.com/@iccrcolombo -ৰ যোগে মুকলি কৰা হৈছে ।