২৬ বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা ৰপ্তানি ৩০ হাজাৰ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য ভাৰতৰ

চলিত বিত্তীয় বৰ্ষত ভাৰতীয় প্ৰতিৰক্ষা ৰপ্তানিয়ে ৩০ হাজাৰ কোটি টকা অতিক্ৰম কৰাৰ বাবে ভাৰতে লক্ষ্য ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০২৯ চনত প্ৰতিৰক্ষা ৰপ্তানি ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 

author-image
Asomiya Pratidin
New Update
1 প্ৰতিৰক্ষা

ডিজিটেল ডেস্কঃ  ক্ৰমাত বৃদ্ধি পাইছে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি। বিগত ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি প্ৰায় ১০০খন দেশলৈ সম্প্ৰাসৰিত হৈ ৩৪ গুণ বৃদ্ধি পাইছে। এই সংখ্যা ১৪ বিত্তীয় বৰ্ষত ৬৮৬ কোটি টকাৰ পৰা ২৫ বিত্তীয় বৰ্ষত ২৩,৬২২ কোটি টকা হৈছে।

Advertisment

বিশেষজ্ঞসকলৰ তথ্য অনুসৰি, ঔদ্যোগিক অনুজ্ঞাপত্ৰ পদ্ধতি সৰলীকৰণ, অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ পৰা অংশ আৰু উপাদানসমূহ আঁতৰোৱাকে ধৰি বহুতো নীতিগত ব্যৱস্থাৰ লগতে সঁজুলি ৰপ্তানিৰ বাবে নিয়মসমূহ সহজ কৰি তোলাৰ ফলত ভাৰতে প্ৰতিৰক্ষা সঁজুলিৰ মুঠ আমদানিকাৰকৰ পৰা ৰপ্তানিকাৰকলৈ ৰূপান্তৰিত হোৱাত অৰিহণা যোগাইছে।

বিশ্লেষকসকলে কয় যে, ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি বৰ্তমানতকৈ বহু বেছি গতিৰে বৃদ্ধি পাব লাগে, কিয়নো দেশৰ সঁজুলিসমূহ শেহতীয়া প্ৰযুক্তিৰ সৈতে অতি সুসংহত। ২৫ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২৩,৬২২ কোটি টকাৰ অভিলেখ সৃষ্টি কৰিছিল, যিটো ২৪ বিত্তীয় বৰ্ষত ২১,০৮৩ কোটি টকাৰ তুলনাত ১২ শতাংশ বৃদ্ধি পাইছিল।

এগৰাকী জ্যেষ্ঠ বিষয়াৰ তথ্য অনুসৰি, চলিত বিত্তীয় বৰ্ষত ভাৰতীয় প্ৰতিৰক্ষা ৰপ্তানিয়ে ৩০ হাজাৰ কোটি টকা অতিক্ৰম কৰাৰ বাবে ভাৰতে লক্ষ্য ৰাখিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০২৯ চনত প্ৰতিৰক্ষা ৰপ্তানি ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 

প্ৰতিৰক্ষা বিভাগ