ভগৱানৰ চমৎকাৰ! পাকিস্তানৰ ৪৫০টা বোমাইও তিলমানো ক্ষতি কৰিব নোৱাৰা ভাৰতৰ এটা মন্দিৰ...

এক নেদেখা শক্তিৰ আধাৰতেই চলি আছে বিশ্ব-ব্ৰক্ষাণ্ড।  এই শক্তিক কোনোবাই বিশ্বাস কৰক বা নকৰক, কিন্তু শেহতীয়াকৈ এটা ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে, এই পৃথিৱীত আছে এক অদৃশ্য শক্তি।

New Update
kkok

ডিজিটেল ডেস্কঃ এক নেদেখা শক্তিৰ আধাৰতেই চলি আছে বিশ্ব-ব্ৰক্ষাণ্ড।  এই শক্তিক কোনোবাই বিশ্বাস কৰক বা নকৰক, কিন্তু শেহতীয়াকৈ এটা ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে, এই পৃথিৱীত আছে এক অদৃশ্য শক্তি। যুদ্ধৰ এই সময়তে এটা বিশেষ মন্দিৰ চৰ্চালৈ আহিছে। যিটো মন্দিৰ পাকিস্তানে ৪৫০টা বোমা নিক্ষেপ কৰিও আজিলৈকে ধ্বংস কৰিব পৰা নাই।

Advertisment

এই বিশেষ মন্দিৰটো আছে ৰাজস্থানৰ জেছলমেৰ থকা তেনট মাতা মন্দিৰ।  ১৯৬৫ আৰু ১৯৭১ৰ যুদ্ধত এই মন্দিৰটোত পাকিস্তানে পেলাইছে চাৰি শতাধিকৰো অধিক বোমা। কিন্তু আচৰিতভাৱে এই মন্দিৰটো কোনো ক্ষয়-ক্ষতি হোৱা নাই। ১৯৬৫চনৰ যুদ্ধত পাকিস্তানে এই মন্দিৰৰ চৌহত চাৰিশও অধিক বোমা নিক্ষেপ কৰিছিল।

ৰাজস্থানৰ ভাৰত-পাক সীমান্তত থকা এই মন্দিৰটোক ঢাল কৰিয়েই ১৯৭১চনত ভাৰতীয় সেনাই পাক সেনাক দিছিল প্ৰত্যুত্তৰ। সেয়েহে ভাৰত-পাকিস্তানৰ প্ৰতিখন যুদ্ধৰ সময়ত চৰ্চালৈ আহে এই মন্দিৰটো। এইবাৰো এই মন্দিৰটোত এতিয়ালৈকে বহুকেইটা বোমা নিক্ষেপ কৰিছে পাকিস্তানে। কিন্তু পূৰ্বৰ দৰেই একে ৰূপতেই আছে মন্দিৰটো। সীমান্ত সুৰক্ষা বাহিনীয়ে এই মন্দিৰটোত বিশেষভাৱে পূজা-অৰ্চনাও কৰে।

চলিত প্ৰবাদ অনুসৰি, এই তেনট মাতা মন্দিৰ মহাশক্তিধৰ মা আৱড় জীৰ জীৱন্ত ৰূপ। যাক কোনো দুষ্ট শক্তিয়ে ধ্বংস কৰিব নোৱাৰে। বৰ্তমান এই মন্দিৰটো এক ট্ৰাষ্ট্ৰৰ অধীনত পৰিচালিত হয়। প্ৰতিবছৰে এই মন্দিৰটোত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ডাঙৰকৈ পূজা-অৰ্চনাৰ আয়োজন কৰে। 

 

ভাৰত-পাকিস্তান