/asomiyapratidin/media/media_files/2025/02/10/zDsErn3GB09Hs3zgRFih.jpg)
ডিজিটেল ডেস্কঃ সদৌ অসম পুৰোহিত সমাজৰ উদ্যাগত ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মাঁ বগলা যজ্ঞৰ । মহানগৰীৰ নুনমাটিস্থিত বন্দনা চিনেমা হলৰ সন্মুত থকা দুৰ্গা মন্দিৰত ১৬ ফেব্ৰুৱাৰী,২০২৫ ৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈকে এই যজ্ঞভাগ অনুষ্ঠিত হ’ব ।
১৬ ফ্ৰেব্ৰুৱাৰীৰ পুৱা ৯ বজাত চাফাই অভিযানেৰে এই যজ্ঞ কাৰ্যসূচী আৰম্ভ হ’ব । সেই দিনা ৫ বজাত দেৱী আমন্ত্ৰণ আৰু অধিবাস আৰু সন্ধিয়া ৮ বজাত প্ৰসাদ বিতৰণ কৰিব । দ্বিতীয় দিনা পুৱা ১০ বজাত নামদি মুখ শ্ৰাদ্ধ অনুষ্ঠিত হ’ব ।
১৮ ফেব্ৰুৱাৰীত ধৰ্মধ্বজা উত্তোলণ কৰিব নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰতিষ্ঠাপক অধ্যক্ষ ডাঃ যোগেশ শৰ্মাই ।
তৃতীয় দিনা বন্তি প্ৰজ্বলন, যজ্ঞাৰ দ্বাৰ উন্মেচন, অগ্নি আহৰণ, জল আহৰণ, যজ্ঞৰ শুভাৰম্ভ, পূৰ্ণাহুতি, পুস্পাঞ্জলি,ভোগ বিতৰণ, বিশিষ্ট অতিথিৰ সম্বৰ্ধনা, নাগাৰা নাম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব ।
১৯ ফেব্ৰুৱাৰীত নাৰায়ন পূজা অনুষ্ঠিত হ’ব এই যজ্ঞত । এই পূজাত মুখ্য পৃষ্ঠপোষক হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱী, সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা, আছুৰ উপদেষ্টা সমুজ্জল ভট্টচাৰ্য , APW ৰ সভাপতি অভিজিৎ শৰ্মা, অগপৰ সভাপতি অতুল বৰা, বিজেপি নেতা ভৱেশ কলিতাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ।
সদৌ অসম পুৰোহিত সমাজৰ হৈ সভাপতি দিগম্বৰ ভাগৱতী,সম্পাদক নয়নমনি শৰ্মা আৰু মাঁ বগলা যজ্ঞ কমিটিৰ সভাপতি প্ৰভাত শৰ্মা, সম্পাদক ধনজিত শৰ্মাই এই যজ্ঞভাগত সকলোৰে উপস্থিতি আৰু সহযোগৰ কামনা কৰিছে । কোনো সদাশয় লোকে যজ্ঞভাগলৈ অৰিহণা আগবঢ়াব বিচাৰিলে ৯৫৭৭৩৪৪৮৭ নম্বৰযোগে এই অৰিহণা আগবঢ়াব পাৰিব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us