/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/rahulbababababababa-for-web-AP-full-no-ad-2-copy.jpg)
ডিজিটেল ডেস্ক: এজনৰ পাছত আন এজন নেতাই ত্যাগ কৰিছে কংগ্ৰেছ দল। .কেইদিনমান পূৰ্বে জ্যেষ্ঠ ৰাজনীতিবিদ গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই আন এগৰাকী নেতাই কৰিলে পদত্যাগ।
ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা তেলেংগানা কংগ্ৰেছৰ নেতা এম এ খানে শনিবাৰে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে। দলৰ হাইকমাণ্ডলৈ লিখা পত্ৰখনত তেওঁ কয় যে দলটোৱে জনসাধাৰণক বুজাবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যে ই নিজৰ পুৰণি স্থিতিলৈ ঘূৰি আহিব আৰু পুনৰ এবাৰ দেশৰ নেতৃত্ব দিব।
তেওঁ কয় যে, "জ্যেষ্ঠ নেতাসকলে দলৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে কিয়নো শীৰ্ষ নেতৃত্বই দলটোৰ আন কৰ্মী সকলক পুনৰ সক্ৰিয় কৰাৰ বাবে কোনো প্ৰচেষ্টা কৰা নাই। পণ্ডিত নেহৰু, ইন্দিৰা গান্ধী, সঞ্জয় গান্ধী আৰু ৰাজীৱ গান্ধীয়ে যি প্ৰতিশ্ৰুতিৰে কাম কৰিছিল সেই প্ৰতিশ্ৰুতিৰে দলটোৱে কাম কৰা নাই। এনে পৰিস্থিতিত, দলৰ পৰা নিজকে বিচ্ছিন্ন কৰাৰ বাহিৰে মোৰ ওচৰত আন কোনো বিকল্প নাই।"
পদত্যাগৰ পিছত সংবাদ মাধ্যমৰ আগত খানে কয় যে ৰাহুল গান্ধীয়ে দলীয় সমিতিত উপ-সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা পৰিস্থিতিৰ অৱনতি হোৱাৰ বাবে তেওঁ কংগ্ৰেছ ত্যাগ কৰে।তেওঁ কয় যে ৰাহুলৰ বাবেই দল ডুবিছে আৰু পদত্যাগ কৰে।
আৰু পঢ়ক: বুকুত গুলীয়াই আত্মহত্যা আৰক্ষী জোৱানৰ…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us