হিমন্তৰ দমক খিলঞ্জীয়াই ভয় নকৰেঃ লুৰিণজ্যোতি গগৈ

কাৰ্বি আংলঙক যেনেদৰে এটিএম হিচাপে ব্যৱহাৰ কৰি আছে, বিটিআৰ চীফকো ব্যৱহাৰ কৰি বিটিআৰক এটিএম হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে বিজেপিয়েঃ লুৰিণজ্যোতি গগৈ

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-06-29 at 7.48.15 PM

ডিজিটেল সংবাদ, কোকৰাঝাৰ: "ইউপিপিএল আৰু বিপিএফৰ সতে মনে মনে তাল মিল কৰি বিজেপিয়ে বিটিআৰত সোমাব বিচাৰিছে। কাৰ্বি আংলঙক যেনেদৰে এটিএম হিচাপে ব্যৱহাৰ কৰি আছে, বিটিআৰ চীফকো ব্যৱহাৰ কৰি বিটিআৰক এটিএম হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে বিজেপিয়ে। বড়ো জাতীয়তাবাদৰ ভেঁটি নিশেষ কৰিবলৈ বিজেপি উঠিপৰি লাগিছে।" এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ।

Advertisment

দেওবাৰে কোকৰাঝাৰৰ তেৰাপন্থ ভৱনত অসম জাতীয় পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত হোৱা যোগদান কাৰ্যসূচীত উপস্থিত থাকি লুৰিনজ্যোতি গগৈয়ে কৰে এই উক্ত মন্তব্য। বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে সকলোকে একগোট হ'বলৈ আহ্বান জনায়। বড়ো জাতীয়তাবাদক বিজেপিয়ে শক্তিহীন কৰাৰ পৰিকল্পনাৰ বিষয়ে ভাষণত উল্লেখ কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে, "বড়ো জাতীয়তাবাদ শক্তিশালী হৈ থাকক। বড়ো জাতীয়তাবাদৰ প্ৰতি সন্মান আছে আৰু বড়ো জাতীয়তাবাদৰ এক দীঘলীয়া ইতিহাস আছে। বড়ো জাতীয়তাবাদ শক্তিশালী হৈ থকাৰ লগতে আন জাতি জনগোষ্ঠীৰ সমমৰ্যদা- সমঅধিকাৰ- সম উন্নয়নৰ অটুট থকাৰ কামনা কৰিছে। এই সকলোবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ যুঁজিব পৰা শক্তি আৰু সাহস আছে বাবেই সাংসদ, মন্ত্ৰী, বিধায়ক নথকা সত্বেও তেওঁলোক সাহসেৰে যুঁজিবলৈ আহিছে" বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে।

আনহাতে, সামুহিক জাতীয়তাবাদৰ স্বাৰ্থত সকলোকে একেলগে থিয় হোৱাৰ আহ্বান জনাই দিল্লীয়ে আমাৰ চকুপানী নুবুজিব আৰু সেইকাৰণে সকলোৱে ঐক্যবদ্ধ হৈ যুঁজি ভেটি -মাটি-অধিকাৰ সুৰিক্ষত কৰিব লাগিব বুলিও উল্লেখ কৰে অজাপৰ সভাপতিগৰাকীয়ে। ইপিনে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত লুৰিনজ্যোতি গগৈয়ে তিনি গগৈৰ প্ৰসংগ উত্থাপন কৰি কয় যে, "অকল তিনি গগৈয়ে নহয়, বিজেপিক প্ৰতিহিত কৰিবলৈ সকলোৱে একগোট হ'ব লাগিব। বড়ো, ৰাভা, মিচিং, মৰাণ, মটক, কলিতা, বৰঠাকুৰ, সোণোৱাল, কোচ-ৰাজবংশী আদিকে ধৰি সকলোৱে এইবাৰ একগোট হৈ যুঁজি বিজেপিক এইবাৰ পৰাভূত কৰিম" বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। 

একেদৰে "অসমৰ খিলঞ্জীয়া লোকে যুঁজিবলৈ ভয় নকৰে" বুলি মন্তব্য কৰি বিজেপিৰ কামেই হ'ল হিন্দু মুছলমানৰ সংঘাত, উচ্চ -নীচৰ বিভাজন, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু জনজাতিৰ বিভাজন আনি শাসন কৰা বুলি মন্তব্য কৰি "বিভাজন আৰু শাসন " নীতি মানি চলা বিজেপিক উৎখাত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। জনজাতীয় ভূমি কাৰ্বিআংলংত ১৮০০ বিঘা, ডিমাহাচাওত ৩০০০ বিঘা, কোকৰাঝাৰত ৩৬০০ বিঘা মাটি আৱণ্টনৰ বিৰোধিতা কৰি লুৰিণজ্যোতি গগৈয়ে লুণ্ঠন আৰু শোষণকাৰী বিজেপিক উৎখাত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
 
ইপিনে গৰুখূটি প্ৰসংগত লুৰিণজ্যোতি গগৈয়ে কয় যে, "গৰুখুটিত প্ৰক্ৰিয়াগতভাৱে কাম নকৰি নীতি বহিৰ্ভূতভাৱে কাম সম্পন্ন কৰা হৈছে।" মুখ্যমন্ত্ৰী -মন্ত্ৰীয়ে সাংবাদিকক কটু কথাৰে অপমান কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে, "পৰিস্থিতি এনে পৰ্যায় হৈছে যে সাংবাদিকসকলক মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ সংবাদমেলত যাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। গৌৰৱ গগৈ পাকিস্থানৰ এজেণ্ট বনাবলৈ যোৱা মুখ্যমন্ত্ৰীৰ আখ্যান এতিয়া তল পৰিল আৰু ৰাইজেও বুজি পালে" বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে।

 লুৰিণজ্যোতি গগৈয়ে কয় যে, "আলফাৰ নামত জেললৈ যোৱা মুখ্যমন্ত্ৰীয়ে যিখনত চহী মাৰি ওলাই আহিছিল সেইখন যদি ওলাই দিও মুখ্যমন্ত্ৰীৰ কি হ'ব, সেইসময়ত ১২ গৰাকীয়ে ৰাৱালপিণ্ডিত আইএচআইৰ কেম্পত প্ৰশিক্ষণ লৈ আছিলে আৰু তেওঁলোকৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কি লিংক আছিল সেয়া ৰাইজৰ আগত কব লাগিব নেকি" বুলিও প্ৰশ্ন উত্থাপন কৰি লুৰিণজ্যোতিয়ে মুখ্যমন্ত্ৰীক যি তি কথা নকবলৈ আৰু পানীগুণ্ডাৰ দৰে দম নিদিবলৈ আহ্বান জনাই কয় যে, "হিমন্তৰ দমক খিলঞ্জীয়াই ভয় নকৰে।"

আনহাতে বিটিচিত নিৰ্বাচন খেলাৰ প্ৰস্তুতি তুংগত আছে বুলি মন্তব্য কৰি লুৰিণজ্যোতি গগৈয়ে কয় সকলো সম্ভাৱনাসমুহ পৰ্যবেক্ষণ কৰি থকা হৈছে আৰু বিটিচি নিৰ্বাচনৰ বাবে ৰণকৌশল তৈয়াৰ কৰি থকা হৈছে। অসম জাতীয় পৰিষদৰ ৰণকৌশলৰ বিষয়ে অধিক কবলৈ অস্বীকাৰ কৰি লুৰিণজ্যোতি গগৈয়ে মাথো কয় যে সাম্প্ৰদায়িক বিজেপিক ৰোধ কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

উল্লেখ্য যে, দেওবাৰে কোকৰাঝাৰৰ তেৰাপন্থ ভৱনত অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ পৰিচালনাত পোনপ্ৰথমবাৰৰ অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ যোগদান সভাত ৩০০ গৰাকী ব্যক্তিয়ে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে। আজিৰ কাৰ্যসূচীত সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি মানিক বড়ো, সম্পাদক চিত্তৰঞ্জন বসুমতাৰী আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে। 

ড০ হিমন্ত বিশ্ব শৰ্মা লুৰিণজ্যোতি গগৈ