প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ বিয়োগত লুৰীণজ্যোতি গগৈৰ শোকপ্ৰকাশ...

প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ বিয়োগত লুৰীণজ্যোতি গগৈৰ শোকপ্ৰকাশ...

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ বিয়োগত লুৰীণজ্যোতি গগৈৰ শোকপ্ৰকাশ...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ বিয়োগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে শোক ব্যক্ত কৰিছে। তেওঁ কয় মূল্যবোধৰ ৰাজনীতিৰ প্ৰতিভূ, সততা আৰু আদৰ্শৰ সৈতে কাহানিও আপোচ নকৰা এক স্বাভিমানী ব্যক্তিত্ব তথা অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মন ডাঙৰীয়াৰ বিয়োগৰ খবৰ অত্যন্ত বেদনাদায়ক৷ তেখেতৰ বৰ্ণাঢ্য জীৱনাদৰ্শই অসমৰ সমাজ জীৱনত তেখেতৰ সামগ্ৰিক সত্তাক চিৰকাল প্ৰাসংগিক কৰি ৰাখিব৷ প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ‘ব৷

উল্লেখ কৰা প্ৰয়োজন যে,  ১৯৭৮ চনত জনতা পার্টী চৰকাৰৰ মন্ত্ৰী আছিল ৰমনী বর্মন। ১৯৭৮ চনৰ জনতা পাৰ্টীৰ গোলাপ বৰবৰা নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা আৰু গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আছিল অধ্যাপক ৰমণী বৰ্মন।

প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মন লুৰীণজ্যোতি গগৈ