ডিজিটেল সংবাদ,মোৰাঝাৰ: হোজাইৰ জিলাৰ বিন্নাকান্দি সমষ্টি কমিটিৰ আতিথ্যত মোৰাঝাৰৰ শিৱপুৰত অজাপৰ কৰ্মী সভা আজি অনুষ্ঠিত হৈ যায় ৷ সভাৰ সভাপতিত্ব কৰে হোজাই জিলা অজাপৰ সভাপতি লুতফুৰ ৰহমানে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক মিনহাজ আহমেদে ৷
সভাত অজাপৰ উপ-সভাপতি দেৱজিৎ বৰুৱা, দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে সাংগঠনিক দিশত ভাষণ প্ৰদান কৰাৰ লগতে হিমন্ত চৰকাৰক সমালোচনা কৰে ৷ এই সভাত মহিলা শক্তিৰ মৌচুমী শৰ্মাকে ধৰি ভালেমান নেতা কৰ্মী উপস্থিত থাকে৷
সভাত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ উপস্থিত থাকি হিমন্ত চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে, হিমন্ত চৰকাৰ ভিক্ষাৰীৰ চৰকাৰ,অসমত এতিয়া ভিক্ষাৰীৰ চৰকাৰ চলি আছে ৷ তেওঁলোকে মুল কথা গাপ দিবলৈ সাম্প্ৰদায়িক কথা কয় ৷ যাৰ ফলত মানুহৰ মাজত গেপ বৃদ্ধি পাইছে ৷ হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি নাইকিয়া হৈছে ৷
লগতে তেওঁ কয়, হিন্দু মুছলমান সকলো জাতি জনগোষ্ঠী মিলিহে অসমীয়া ৷ জ্যোতি প্ৰসাদ আগৰৱালা তেওঁ মাৰোৱাৰী মানুহ ৷ কিন্ত তেওঁ কিমান অসমীয়া ৷ তাৰ প্ৰমাণ চাবলৈ কোনোবাই গাঁৱত গৈ লাগিলে মাৰোৱাৰী মানুহে জ্যোতি প্ৰসাদ আগৰৱালা অসমীয়া নহয় বুলি ক'লে মাৰ খাব লাগিব ৷ তেওঁ নিভাঁজ অসমীয়া ৷ এয়াই অসমীয়া এয়াই অসমীয়াত্ব ৷ অসমত হিমন্ত বিশ্ব শৰ্মাই হিন্দু- মুছলমানক ভাগ ভাগ কৰিব বিছাৰি আছে,হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ ভয় দেখুৱাই হিন্দুৰ ভোট লৈ আছে আৰু বদৰুদ্দিন আজমলে হিন্দুৰ ভয় দেখুৱাই মুছলমানৰ ভোট লৈ আছে।
আৰু কয়যে, অসমত যদি হিন্দু - মুছলমানৰ ৰাজনীতি শেষ কৰিব লাগে তেন্তে অহা বিধানসভাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদ দল শক্তিশালী কৰিব লাগিব। ইফালে আজমলক সমালোচনা কৰি লুৰীণ জ্যোতি গগৈয়ে কয, হিমন্তৰ অনুমতি লৈহে বদৰুদ্দিন আজমলে উশাহ লয়।বদৰুদ্দিন আজমলৰ দল মুছলমান সাম্প্ৰদায়িক আৰু বিজেপি হৈছে হিন্দু সাম্প্ৰদায়িক দল।
এই মন্তব্য পাছতে আজি আনুষ্ঠানিক ভাৱে পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজোৱা বুলি ঘোষণা কৰে ৷ আজিৰ সভাত শতাধিক লোকে বিভিন্ন দল ত্যাগ কৰি অজাপত আনুষ্ঠানিকভাবে যোগদান কৰে।