/asomiyapratidin/media/media_files/2025/06/19/lurin-2025-06-19-09-15-00.jpg)
ডিজিটেল সংবাদ, হাজোঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত গো মাংস উদ্ধাৰৰ প্ৰসংগক লৈ তীব্র প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। হাজোত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্র সৰৱ হৈ পৰে জাতীয় পৰিষদৰ সভাপতি গৰাকী।
ৰাজ্যৰ গৃহ বিভাগ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যেত ভাতৃঘাটি সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে।দুস্কৃতিকাৰীক দমন কৰিব নোৱাৰা এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচটনিমূলক মন্তব্য দিয়া বিষয়টো আজিৰ তাৰিখত খুবেই দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে।
আনহাতে অসমত জাতীয়তাবাদী শক্তি বৃদ্ধিৰ স্বাৰ্থত অতিশীঘ্ৰে বৃহৎ যোগদান কাৰ্যসূচী হব বুলিও মত পোষণ কৰাৰ সমান্তৰালকৈ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ লগত মিত্ৰতাৰ পোষকতা কৰে লুৰীণ জ্যোতি গগৈয়ে।