/asomiyapratidin/media/media_files/2025/08/06/lumding-6-2025-08-06-20-33-36.jpg)
ডিজিটেল ডেস্কঃ সংঘনাই চুৰি কাণ্ড সংঘটিত হোৱা লামডিঙত আজি ৰাইজৰ ৰোষত পৰে দুটাকৈ চোৰ। উল্লেখ্য যে, লামডিঙৰ হাফলং তিনিআলিত দিন দুপৰতে চাৰি জনীয়া এটা চোৰৰ দলে চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰে।
জানিব পৰা মতে লামডিং নিবাসী কমল ভৌমিক নামৰ ব্যৱসায়ীগৰাকীয়ে লামডিং ষ্টেট বেংকৰ পৰা এক লাখ টকা উলিয়াই স্কুটিৰে আহি আছিল। তাৰ মাজতেই তেওঁৰ স্কুটিখন বিকল হোৱাত পথৰ কাষৰে এটা গেৰেজত মেৰামতি কৰাবলৈ সোমাই।
স্কুটিখন মেৰামতি কৰি থকাৰ সময়তে অৱস্থাতে বিহাৰৰ কিষাণগঞ্জৰ পৰা অহা চাৰিজন ব্যক্তিয়ে স্কুটিখনৰ পৰা তেওঁ বেংকৰ পৰা উলিয়াই অনা ধনৰাশি লৈ পলায়ন কৰে। এই ঘটনা প্ৰত্যক্ষ কৰা সচেতন ৰাইজে চোৰ কেইটাক আটক কৰিবলৈ সক্ষম হয় যদিও আন দুটা চোৰে পলায়ন কৰে।
ৰাইজে আটক কৰা দুটা চোৰৰ নাম সুনীল যাদৱ আৰু মুকেশ দাস বুলি জানিব পৰা গৈছে। দুয়োটাকে উত্তেজিত ৰাইজে উত্তম মাধ্যম সোধাই লামডিং আৰক্ষীক গতাই দিয়ে।আনফালে আটক কৰা চোৰ দুটাৰ পৰা বেংকৰ গ্ৰাহকগৰাকীৰ এক লাখ টকা উদ্ধাৰ কৰি তেওঁৰ হাতত তুলি দিয়ে।