/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c00756bd-363b-4322-96bf-f17eed5e05fe/lumding_10.jpg)
lumding
ডিজিটেল সংবাদ লামডিংঃ একাংশ অবৈধ সামগ্ৰী সৰবৰাহকাৰীয়ে প্ৰতিদিনে ৰে'লযোগে সৰবৰাহ কৰি আহিছে বিভিন্নধৰণৰ নিষিদ্ধ সামগ্ৰী৷ ইয়াৰ মাজতে আজি পুনৰ লামডিং ৰে'লৱে জংচনত বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঞ্জা জব্দ কৰিছে আৰ পি এফে ৷
নামনিমুৱা ১৫৯০৯ অৱধ আছাম এক্সপ্ৰেছ ৰে'লখনৰ পৰা প্ৰায় ১৫ কেজিৰো অধিক গাঞ্জা জব্দ কৰিছে । ট্ৰেইখনৰ এ-১ ডবাৰ ৪ নম্বৰ চিটৰ তলৰ দুটা পৰিতক্ত বেগৰ পৰা প্ৰায় ২ লাখ টকাৰ গাঞ্জাখিনি উদ্ধাৰ কৰে ৷
এই সন্দৰ্ভত আৰ পি এফে সন্দেহৰ ভিক্তিত তিনিজন ব্যক্তিক আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷ মুঠতে এতিয়া ভাৰতীয় ৰে'লযোগে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ পথ অতি সহজ আৰু সুলভ হৈ পৰা পৰিলক্ষিত হৈছে ৷