ধাৰাবাহিকতা অব্যাহত ! পুনৰ লামডিং ৰে'লৱে ষ্টেচনত জব্দ নিষিদ্ধ সামগ্ৰী...

নিষিদ্ধ সামগ্ৰীৰ অবৈধ বজাৰৰ লগত জড়িত আছেনেকি ৰে'লৱেৰ বিষয়া-কৰ্মচাৰী?
LUMDING 30
LUMDING 30

ডিজিটেল সংবাদ লামডিংঃ নিষিদ্ধ সামগ্ৰীৰ উজান উঠিছে লামডিঙত। একাংশ সৰবৰাহকাৰীয়ে প্ৰতিদিনে ৰে'লৰ জৰিয়তে সৰবৰাহ কৰি আহিছে বিভিন্নধৰণৰ নিষিদ্ধ সামগ্ৰী।

উল্লেখ্য যে ধাৰাবাহিক ভাৱে লামডিং ৰে'লৱে ষ্টেচনত নিষিদ্ধ সামগ্ৰী উদ্ধাৰ হৈ আহিছে। বৃহস্পতিবাৰে ষ্টেচনটোত বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰাৰ পিছত আজি পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ জব্দ কৰিছে ৰে'লৱে সুৰক্ষা বাহিনীয়ে।

ৰে'লৱে আৰক্ষীয়ে উজনিমুৱা ১২৪৯৮ ট্ৰিবান্দমপুৰম এক্সপ্ৰেছৰ পৰা বদৰপুৰ আৰ পি এফৰ এটা দলে নিষিদ্ধ কফ চিৰাপখিনি জব্দ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে ট্ৰেইনখনৰ এছ ৭ ডবাৰ পৰা গৰাকীবিহীন এখন ক'লা বেগৰ পৰা এই কফ চিৰাপখিনি জব্দ কৰিছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল শেহতীয়াকৈ লামডিং ৰে'লৱে ষ্টেচনত ধাৰাবাহিক ভাৱে এই দৰে নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ আৰ পি এফৰ দল সফল হৈছে যদিও কেনেকৈ বাৰে বাৰে ৰে'লৰ জৰিয়তে এই নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ হৈছে সেয়া অতি জটিল প্ৰশ্ন। প্ৰশ্ন উত্থাপন হৈছে, নিষিদ্ধ সামগ্ৰীৰ অবৈধ বজাৰখনৰ সৈতে জড়িত হৈ আছে নেকি ৰে'লৱেৰেই কোনো বিষয়া কৰ্মচাৰী?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in