/asomiyapratidin/media/media_files/2025/07/10/lumding-10-2025-07-10-17-40-22.jpg)
ডিজিটেল সংবাদ লামডিং: লামডিঙত কৰুণ ঘটনা। চিকিৎসালয় লৈ নিয়াৰ পথতে মৃত্যু হয় এজন যুৱকৰ। লামডিং হাফলং তিনিআলি আই অ চি (IOC) অঞ্চলত আজি সংঘটিত হয় এই শোকাবহ ঘটনা।
জানিব পৰা মতে ৰাজীৱ দাস নামৰ এজন ২৫ বছৰীয়া যুৱকে নিজ গৃহত আত্মহত্যা কৰাৰ চেষ্টা কৰে। যুৱকজনে আত্মহত্যাৰ চেষ্টা কৰাৰ ঘটনা উমান পায় পৰিয়ালৰ লোকে যুৱক জনক জীৱিত অৱস্থাত উদ্ধাৰ কৰি লামডিং চিকিৎসালয় লৈ যোৱাৰ পথতে এক অভাৱনীয় পৰিস্থিতৰ সন্মুখীন হয় পৰিয়ালটো।
ডিমাহাছাওত সংঘটিত হোৱা ভূমিস্খলনৰ বাবে লামডিং হাফলং ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হাজাৰ হাজাৰ বাণিজ্যিক ট্ৰাক আবদ্ধ হৈ ৰৈছে। লাহে লাহে কিছু ট্ৰাক চলাচল হৈছে যদিও বহু আবদ্ধ হৈ ৰৈছে ঘাইপথ চোৱাৰ দুয়ো ফালে।
ফলত নিতৌ অহা যোৱা কৰা ব্যক্তিগত বাহন সমূহ সমস্যাৰ সন্মুখীন হৈছে। তেনে এক সমস্যাৰ সম্মুখীন হ'ব লগীয়া হ'ল ৰাজীৱ দাসৰ দুৰ্ভগীয়া পৰীয়াটোও। চিকিৎসালয় পোৱাৰ আগতেই যান-জঁটৰ বাবেই আধা বাটতে মৃত্যু হয় ৰাজীৱ দাসৰ।
পিছত ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হয় যদিও কি কাৰণত ৰাজীৱে আত্মহত্যা কৰিলে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। আশা কৰা হৈছে আৰক্ষীৰ সঠিক তদন্তৰ অন্তত হে পোহৰলৈ আহিব সকলো বিষয়।