কলিকতাৰ মহিলা চিকিৎসক হত্যাৰ প্ৰতিবাদত উত্তপ্ত লামডিঙৰ ৰাজপথ...

কলিকতাৰ মহিলা চিকিৎসক হত্যাৰ প্ৰতিবাদত উত্তপ্ত লামডিঙৰ ৰাজপথ...

author-image
Asomiya Pratidin
New Update
কলিকতাৰ মহিলা চিকিৎসক হত্যাৰ প্ৰতিবাদত উত্তপ্ত লামডিঙৰ ৰাজপথ...

ডিজিটেল সংবাদ,লামডিংঃ সমগ্ৰ দেশ কঁপাই নিয়া কলিকতাৰ আৰ জি কৰ হাস্পতালত কৰ্তব্যৰত চিকিংসকক ধৰ্ষণ কৰি নৃশংসভাবে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত আজিও উত্তাল লামডিং ৰাজপথ। লামডিং "তেজস্বী"স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আজি হাতে হাতে মম লৈ লামডিং নবিনপল্লিৰ পৰা ক্ৰচিং গেটলৈ হৈ মহিলা চিকিৎসক গৰাকীৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

এই প্ৰতিবাদী সমদলত তেজস্বী সংস্থাটোৰ কৰ্মীসকলৰ লগতে বহু লোকে অংশগ্ৰহণ কৰে। কৰ্তব্যৰত চিকিৎসক গৰাকীক নৃশংস ভাবে হত্যা কৰা ঘটনাৰ তীব্ৰ নিন্দা জনোৱাৰ লগতে পশ্চিমবংগত এগৰাকী মহিলাই চৰকাৰ চলোৱা সময়ছোৱাত আন এগৰাকী মহিলাৰ এনে ঘটনা হোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

ঘটনাৰ লগত জৰিত সকলো দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ মমতা বেনাৰ্জী চৰকাৰক কঠোৰ দাবী জনায়। আনফালে এনে ঘটনা পুনৰাবৃত্তি যেন কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।

lumding protest