/asomiyapratidin/media/media_files/2024/12/05/5eJre40ZmgeamC2vVqcY.jpg)
ডিজিটেল সংবাদ, লামডিং : বুধবাৰে নিশা লামডিঙত আৰ পি এফ আৰু চি আই বিৰ অভিযানত আটক কৰা হৈছে এটা লোহা চোৰৰ গেঙক ৷ এই অভিযানত লামডিং আই অ' চি ট্ৰাৰ্মিনেলৰ সমীপৰ পৰা এখন AS 09 C 3648 নম্বৰৰ লোহাভৰ্তি গাড়ীসহ দুজন লোকক আটক কৰে ৷
আৰক্ষীৰ ভাষ্য অনুসৰি আটকাধীন দুজন লামডিঙৰে নিৱাসী নেকিব উদ্দিন আৰু টুটন দাস বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, দুয়োৱে মিলি ৰে’লৱেৰ লোহা চুৰি কৰি নিয়াৰ পথতে আৰপিএফৰ চিআইবি দলৰ জালত পৰে ৷ চি আই বিৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দেশ্বৰ দাসৰ নেতৃত্বত চলা এই অভিযানত প্ৰায় কেইবালাখ টকাৰ চোৰাং লোহা জব্দ হয় বুলি জনায় ৷
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে পূৰ্বতেও ৰে’লৱেৰ লোহা চুৰিৰ গোচৰত নেকিউদ্দিন জে’ললৈ গৈছিল বুলি জানিবলৈ দিয়ে আৰ পি এফৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৷