ক্ৰমাৎ অপৰাধ নগৰীলৈ পৰিণত লামডিংঃ পুনৰ ড্ৰাগছসহ ৪ জনক আটক...

author-image
Asomiya Pratidin
New Update
ক্ৰমাৎ অপৰাধ নগৰীলৈ পৰিণত লামডিংঃ পুনৰ ড্ৰাগছসহ ৪ জনক আটক...

lumding

ডিজিটেল সংবাদ লামডিংঃ ধাৰাবাহিক ভাৱে লামডিঙত আৰক্ষী আৰু ৰে'লৱে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছকে ধৰি বিভিন্ন নিচা জাতীয় দ্ৰৱ্যৰ লগতে অন্যান্য অবৈধ সামগ্ৰী। লামডিঙত ধাৰাবাহিকভাৱে আৰক্ষীয়ে এইদৰে অবৈধ সামগ্ৰীৰ বিৰুদ্ধে অভিযানত অব্যাত ৰখাৰ পিছতো ৰে'লনগৰীখনত হ্ৰাস পোৱা নাই এনে সামগ্ৰীৰ অবৈধ সৰবৰাহ।

Advertisment

বৰঞ্চ প্ৰতিদিনে এনে সামগ্ৰীৰ সৰবৰাহ আৰু প্ৰচলন বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে লামডিং আৰক্ষীয়ে পুনৰ এক অভিযান চলাই ড্ৰাগছসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা কাৰ্যই এই কথাক প্ৰমাণ কৰিলে।

লামডিঙত সঘনে সংঘটিত হোৱা এনে ঘটনা-প্ৰবাহে ৰে'লনগৰীখন যে ক্ৰমাৎ অপৰাধ নগৰীলৈহে পৰিণত কৰিছে। নিশা লামডিং আৰক্ষীয়ে গংগা পথৰ এটা বাসগৃহত অভিযান চলাই কৰায়ত্ত কৰিলে ব্ৰাউন চুগাৰসহ ৪ জন লোকক।

আটকাধীন এই লোক কেইজন ক্ৰমে- জয়দ্বীপ ওৰফে বাপ্পী, সঞ্জয় ভট্টাচাৰ্য, পীযুষ মজুমদাৰ আৰু সন্তোষ পাল ৷ লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত চলা এই অভিযানত আটকাধীন চাৰিওজন লোকৰে পৰা আৰক্ষীয়ে ৩০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

lumding