/asomiyapratidin/media/media_files/2025/02/23/QLTnK61AmyUPc4r9OLYS.jpg)
ডিজিটেল সংবাদ,লামডিংঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমণক লৈ ইতিমধ্যে বিভিন্ন প্ৰস্তুতি হাতত লৈছে জিলা প্ৰশাসনে। ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা গুৱাহাটীলৈ তলব কৰিছে বহু আৰক্ষী প্ৰশাসনৰ লোক। সেই অনুসৰি লামডিঙৰ পৰাও গুৱাহাটীলৈ আহিছিল এগৰাকী নিষ্ঠাবান জোৱান। কিন্তু নিশা গাড়ী চালকৰ অতপালিত অকালতে প্ৰাণ হেৰুৱালগীয়া হ'ল জোৱানজনে।
দায়িত্বৰ খাতিৰত গুৱাহাটীলৈ অহা নাজিৰাৰ বাসিন্দা তথা লামডিং আৰক্ষী থানাৰ আৰক্ষী জোৱান ধীৰাজ ফুকনক মহতিয়াই নিয়ে নৈশ যাত্ৰীবাহি বাছে। ফলত থিতাতে নিহত হয় ধীৰাজ ফুকন। কেৱন ইমানেই নহয়, তেওঁৰ মৃত্যু আছিল অতি ভয়াৱহ। দুৰ্ঘটনাৰ ফলত মূৰৰ এফাল চিঙি যায় ধীৰাজ ফুকনৰ।
কামৰ খাতিৰত গুৱাহাটীলৈ আহি প্ৰাণ হেৰুৱা ধীৰাজৰ এই অসহনীয় মৃত্যুক কেন্দ্ৰ কৰি লামডিঙত এতিয়া শোকৰ ছাঁ বিৰাজ কৰিছে। ইয়াৰোপৰি ৰাইজৰ নিৰাপত্তাৰ বাবে নিয়োগ কৰা জোৱান সকলৰ জীৱনৰ কোনো নিৰাপত্তা নাই নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে ধীৰাজৰ পৰিয়ালৰ লগতে লামডিং বাসীয়ে।