/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/04e03420-5d83-49d1-82e1-41e072a009b2/6.jpg)
ডিজিটেল সংবাদ,লামডিংঃ লামডিং ৰেলৱে সুৰক্ষা বাহিনীৰ (RPF) নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান। আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰে ৩ ব্যৱসায়ীক। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, আৰ পি এফ ৰ CPDS ৰ দলে উজনিমুৱা ডনিপ'ল ৰেলত অভিযান চলাই ড্ৰাগছ সহ ৩ যুৱকক আটক কৰিবলৈ সক্ষম হয়।
15818 নম্বৰ উজনিমুৱা ডনিপ'ল ৰেলত হোজাই ষ্টেচনৰ পৰা লামডিং ষ্টেচনলৈ আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে ১৬ টা কন্টেইনাৰ সহ আটক কৰা হয় ৩ ব্যৱসায়ীক। আটকাধীন ব্যৱসায়ী ৩ জন ক্ৰমে লামডিঙৰ সন্তোষ দাস,সুব্ৰত দে আৰু গোপাল পণ্ডিত।
Also Read: মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনাঃ খেল পথাৰলৈ বটল, কাপ দলিয়ালে দৰ্শকে, Video