সদৌ অসম পেঞ্চাক চিলাট প্ৰতিযোগিতা ২০২২ ৰ সফল সমাপ্তি...

প্ৰতিযোগিতাৰ বিভিন্ন কাৰ্যসূচীত শিক্ষা মন্ত্ৰী ৰনোজ পেগু, বিধায়ক ভুবন পেগু, ছাত্ৰ আৰু যুৱ কল্যাণ সচিব গীতাৰ্থ গোস্বামী আদি কেইবাগৰকীও সম্মানীয় ব্যক্তিয়ে প্ৰতিযোগিতাৰ বাবে সহায়ৰ হাত আগবঢ়ায়।
পেঞ্চাক চিলাট প্ৰতিযোগিতা
পেঞ্চাক চিলাট প্ৰতিযোগিতা

ডিজিটেল সংবাদ, লামডিঙঃ ধেমাজি জিলাৰ চিলাপথাৰস্থিত চিলাপথাৰ টাউন কলেজত ৫, ৬, ৭ আৰু ৮ নবেম্বৰত আয়োজিত ৫ম সদৌ অসম পেঞ্চাক চিলাট প্ৰতিযোগিতা ২০২২" আৰু "প্ৰথম সদৌ অসম বিচ্ছ্ পেঞ্চাক চিলাট প্ৰতিযোগিতা ২০২২" ৰ সফলভাৱে সমাপন হয়।

সাংসদ প্ৰদান বৰুৱা, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ কোঁৱৰ, মিচিং স্বায়ত্ত-শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আদি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উদ্বোধন কৰা প্ৰতিযোগিতাখনত ৰাজ্যৰ ২৯ খন জিলাৰ প্ৰায় ৭ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ৮ নবেম্বৰৰ আবেলি ৩ বজাৰ পৰা আৰম্ভ হোৱা বঁটা বিতৰণী সভাত মিচিং স্বায়ত্ত-শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, উপাধ্যক্ষ যগ্যেশ্বৰ কুটুম, সদস্য ক্ৰমে জোহান দলে, প্ৰতাপ টায়ে, সদৌ অ ট্ৰাইবেল সন্থাৰ সভাপতি সুকুমাৰ বসুমতাৰী, টি.এম.পি.কে.ৰ সভাপতি ৰাজকুমাৰ মৰাং, সাধাৰণ সম্পাদক তিলক দলে, আটাছুৰ উপদেষ্টা দুলাল বৰুৱা, ধেমাজি জিলা আছুৰ সম্পাদক কল্যাণ গগৈ, আবছুৰ ধেমাজি জিলা সভাপতি সোমৰাজ পুৰি, মহাবিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰেশ্বৰ দলে আৰু TMPK, MMK, TMMK, ATASU, ABSU, GSU আদি বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে আৰু প্ৰতিযোগিতাৰ বিভিন্ন কাৰ্য্যসূচীত শিক্ষা মন্ত্ৰী ৰনোজ পেগু, বিধায়ক ভুবন পেগু, ছাত্ৰ আৰু যুৱকল্যাণ সচিব গীতাৰ্থ গোস্বামী আদি কেইবাগৰকীও সম্মানীয় ব্যক্তিয়ে প্ৰতিযোগিতাৰ বাবে সহায়ৰ হাত আগবঢ়ায়।

প্ৰতিযোগিতাৰ সামৰণিত ৫৭ টা সোণ, ৩১ টা ৰূপ আৰু ২৮ ব্ৰঞ্জৰ পদক অধিকাৰ কৰি ধেমাজি জিলাই শ্ৰেষ্ঠ দল আৰু গোলাঘাট জিলাই ৫৩ টা সোণ, ২৭ টা ৰূপ আৰু ৩২ ব্ৰঞ্জৰ পদকৰে ২য় শ্ৰেষ্ঠ বিজেতাৰ সম্মান অৰ্জন কৰা বুলি অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যনৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলে জনিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in