লামডিঙত বিধ্বংসী অগ্নিকাণ্ড

লামডিঙৰ সমাজবাৰী ৰোডত ভয়ংকৰ অগ্নিকাণ্ড। পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হয় এই অগ্নিকাণ্ড।

author-image
Asomiya Pratidin
New Update
image (11)

ডিজিটেল ডেস্কঃ লামডিঙৰ সমাজবাৰী ৰোডত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ড সংযোগ কৰি পলায়ন এজন লোকৰ। পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা। 

উল্লেখ্য যে, পত্নীৰ সৈতে সংঘাতত লিপ্ত হৈ বৰুণ ৰয় নামৰ লোকজনে সংঘটিত কৰে এই কাণ্ড। ইপিনে ভাৰতীয়া হিচাপে আছিল বৰুণ ৰয়ৰ পৰিয়ালটো। অগ্নিকাণ্ডত পৰিয়ালটোৰ সকলো সা-সামগ্রী ভস্মীভূত হয়। লগতে স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপণ কৰে। এই ঘটনা সংঘটিত কৰি  পলায়ন কৰা বৰুণ ৰয়ক আটক কৰিবলৈ সক্ষম হয় লামডিং আৰক্ষী।

লামডিং লামডিং আৰক্ষী