বৃদ্ধি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য…

বৃদ্ধি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য…

author-image
asomiyapratidin
New Update
বৃদ্ধি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য…

ডিজিটেল ডেস্ক: জনতাৰ ওপৰত পুনৰ মাধমাৰ। পেট্ৰ'ল ডিজেলৰ লগতে বৃদ্ধি হ'ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূ্ল্য।২২ মাৰ্চৰ পৰা ৫০ টকাকৈ বৃদ্ধি ৰন্ধন গেছৰ মূল্য। ইয়াৰ পূৰ্বে ২০২১ চনৰ ৬ অক্টোবৰত বৃদ্ধি হৈছিল মূল্য।

Advertisment

ওএমচিয়ে কৰা ঘোষণা অনুসৰি দিল্লীত ১৪.২ কিলোগ্ৰাম  ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য ৮৯৯.৫০ টকাৰ পৰা ৯৪৯৬.৫ টকা হয়গৈ। মুম্বাইত ৯৪৯.৫০ টকা, কোলকাতাত ৯৭৬ টকা, চেন্নাইত ৯৬৫.৫০ টকা।

ঠিক তেনেদৰে দেশৰ প্ৰতিখন ৰাজ্যতে বৃদ্ধি হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতই ইন্ধনৰ মূল্যত প্ৰভাৱ পৰিব বুলি আশংকা কৰিছিল একাংশই।

india LPG CYLINDER