/asomiyapratidin/media/media_files/2024/12/30/E5WixBEnYaYQGttn8u69.png)
পৰিৱৰ্তন Photograph: (পৰিৱৰ্তন)
ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান ঘন্টা। অন্ত পৰিব ২০২৪বৰ্ষ। নৱবৰ্ষৰ এই প্ৰাকক্ষণত এতিয়া বিভিন্ন কামক লৈ ব্যস্ত সকলোবোৰ। কিন্তু আপোনাৰ দৈনন্দিন কামত প্ৰভাৱ পেলাব পৰাকৈ ২০২৫ৰ ১জানুৱাৰীৰ পৰা হব বহুকেইটা পৰিৱৰ্তন।
১. এল পি জি চিলিণ্ডাৰ দামৰ পৰিৱৰ্তনঃ
প্ৰতিমাহৰ আৰম্ভণিতে উঠা-নমা হয় চিলিণ্ডাৰৰ মূল্য। শেহতীয়াকৈ ১৯কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম উঠা-নমা হৈছে যদিও কেইবামাহ ধৰি স্থিৰাৱস্থাত আছে ১৪কেজি চিলিণ্ডাৰৰ মূল্য। গতিকে ২০২৫ৰ পহিলা জানুৱাৰীতে উঠা-নমা হব পাৰে এল পি জি চিলিণ্ডাৰৰ দাম।
২. কৰ্মচাৰী ভৱিষ্যত নিধিৰ সদস্য সকললৈ এ টি এমৰ সুবিধাঃ
কৰ্মচাৰী ভৱিষ্যত নিধিৰ অন্তৰ্ভূক্ত প্ৰায় ৭কোটিৰো অধিক কৰ্মচাৰীয়ে পহিলা জানুৱাৰীৰ পৰাই লাভ কৰিব এ টি এমৰ সুবিধা। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে সদৰি কৰিছে এই তথ্য।
৩. ধন লেনদেনৰ বাবে ইউ পি আইৰ সীমা বৃদ্ধিঃ
নতুন বছৰৰ পৰাই ভাৰতীয় ৰিৰ্জাভ বেংকে নেটৱৰ্ক তথা ডাটাৰ অবিহনেও ইউ পি আইৰ জৰিয়তে ধনৰ লেনদেনৰ সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সীমা পূৰ্বৰ ৫হাজাৰৰ পৰা ১০হাজাৰলৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰিৰ্জাভ বেংকে। ২০২৫ৰ পহিলা জানুৱাৰীৰ পৰাই এই নীতি কাৰ্যকৰী হব।
৪. ম্যাদ উকলিব এন এছ ইৰ চুক্তিৰঃ
শেহতীয়াকৈ ৰাষ্ট্ৰীয় ষ্ট্ৰক একচেঞ্জে তেওঁলোকৰ চুক্তিৰ ম্যাদ উকলাৰ তাৰিখ ঘোষণা কৰিছে। বছৰটোৰ শেষৰ দিনটোত অন্ত পৰিব ষ্ট্ৰক একচেঞ্জৰ ত্ৰিমাসিক চুক্তি। ২০২৫ৰ ২জানুৱাৰীৰ পৰা এই চুক্তি পুনৰ নতুনকৈ আৰম্ভ কৰিব লাগিব।