লাভ জেহাদ নে প্ৰেম ! বৰপেটাৰ মুছলমান যুৱকৰ ডিমা হাছাওৰ কিশোৰীক পলোৱাই নিয়াৰ চেষ্টা...

love jihad
love jihad

ডিজিটেল সংবাদ লামডিংঃ ৰাজ্যত অব্যাহত আছে লাভ জেহাদৰ ঘটনা ! এইবাৰ এনে এক লাভ জেহাদৰ ঘটনা পোহৰলৈ আহিছে ডিমা হাছাও জিলাৰ লংটিঙত। লংটিঙৰ গোৱালা উপাধীৰ এগৰাকী ১৮ বছৰীয়া কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপনেৰে পলুৱালৈ নিবলৈ চেষ্টা কৰিছিল ৰাজীৱ আহমেদ নামৰ এজন যুৱকে।

বৰপেটাৰ নিবাসী ৰাজীৱ আহমেদে কৰ্মসূত্ৰে লাংটিঙৰ জিঅ' টাৱাৰত কৰ্মৰত হৈ আছিল। দেওবাৰে দিনৰ ভাগত সেই অঞ্চলৰ যুৱতীগৰাকী সন্ধানহীন হৈ পৰাত পৰিয়ালৰ লোকে লাংটিঙ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে।

সেই গোচৰৰ আধাৰতে লামডিঙ আৰক্ষীয়ে অতি তৎপৰতাৰে লামডিঙ-ডিফু সংযোগী পথৰ পৰা দুয়োকে আটক কৰিবলৈ সক্ষম হৈছে। বৰ্তমান লাংটিঙ আৰক্ষীচকীত আছে দুয়ো জন। একাংশই এই ঘটনাক সাধাৰণ প্ৰেমৰ ঘটনা বুলি মন্তব্য কৰাৰ বিপৰীতে আন একাংশই এই ঘটনাত লাভ জেহাদৰ গোন্ধ পাইছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in