চাইট ফাৰ্ষ্ট গুৱাহাটীৰ উদ্যোগত লুই ব্ৰেইল দিৱস পালন....

কটন কলেজ এলুমনি হাউচত অনুষ্ঠিত এই অনুষ্ঠানত লুই ব্ৰেইলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ক্ৰমে বিশিষ্ট চকু চিকিৎসক ডাঃ আতিকুল হুছেইন, অৱসৰী অধ্যাপিকা দীপালি গোস্বামী আৰু কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ ভৱেশ গোস্বামীয়ে ।

author-image
Asomiya Pratidin
New Update
সুখবৰঃ টেট উত্তীৰ্ণ ১ লাখ প্ৰাৰ্থীক দিয়া হ’ব চাকৰি…

ডিজিটেল ডেস্কঃ  অইন বছৰৰ দৰে এইবছৰো ৪ জানুৱাৰী অৰ্থাৎ শনিবাৰে চাইট ফাৰ্ষ্ট গুৱাহাটীৰ উদ্যোগত লুই ব্ৰেইল দিৱস পালন কৰা হয় ৷ কটন কলেজ এলুমনি হাউচত অনুষ্ঠিত এই অনুষ্ঠানত লুই ব্ৰেইলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ক্ৰমে বিশিষ্ট চকু চিকিৎসক ডাঃ আতিকুল হুছেইন, অৱসৰী অধ্যাপিকা দীপালি গোস্বামী আৰু কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ ভৱেশ গোস্বামীয়ে ।

ডাঃ বিজুলী গোস্বামীয়ে অনুষ্ঠানৰ আদিতে লুই ব্ৰেইল দিৱসৰ তাৎপৰ্যৰ কথা বৰ্ণনা কৰে আৰু দৃষ্টিবাধাগ্ৰস্ত সকলৰ প্ৰতি চাইট ফাৰ্ষ্টে কৰি অহা বিভিন্ন সেৱাসমূহৰ কথা উল্লেখ কৰে ৷ 

দৃষ্টি বাধাগ্ৰস্ত সকলৰ দৈনন্দিন কামকাজৰ সুবিধা হোৱাকৈ অত্যাধুনিক বিভিন্ন উপায় আৰু সজুলিৰ বিষয়ে বক্তৃতা প্ৰদান কৰি গুৱাহাটী এইমছৰ অধ্যাপক ডাঃ শ্বাৰদ  ফিলিপছে তেনে সুবিধা ল’বলৈ দৃষ্টিবাধাগ্ৰস্ত সকললৈ আহ্বান জনায় ৷ 

দিলীপ গোস্বামীৰ স্মৃতিত পৰিয়ালবৰ্গই প্ৰদান কৰি অহা বঁটাটি প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ৷ ব্ৰেইল পদ্ধতিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ স্থান অধিকাৰ কৰা নবনীতা হালৈক এই বঁটাটি প্ৰদান কৰি শ্ৰী শৰ্মাই চাইট ফাৰ্ষ্টৰ এই প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰে আৰু ছাত্ৰ সন্থাই এনে কাৰ্যত ভবিষ্যতে সহযোগী হ’বলৈকো ইচ্ছা প্ৰকাশ কৰে ৷ 

দৃষ্টিবাধাগ্ৰস্ত সকলৰ মানৱ অধিকাৰ ৰক্ষাৰ কামত একনিষ্ঠ ভাৱে আত্মনিয়োগ কৰি অহা দিল্লী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা পংকজ সিনহাই নিজৰ ভাষণত দৃষ্টি বাধাগ্ৰস্তসকলৰ বিভিন্ন মৌলিক আৰু সাংবিধানিক অধিকাৰৰ কথা উল্লেখ কৰে ৷ তেনে অধিকাৰৰ বিষয়ে চৰকাৰী-বেচৰকাৰী সকলো অনুষ্ঠানৰ পৰা সজাগতা অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী সিনহাই নিজে দৃষ্টিবাধাগ্ৰস্ত হোৱাৰ পিচতো কিদৰে এনে ধৰণৰ আইনী কাৰ্যত আত্মনিয়োগ কৰিছে তাৰ সবিশেষ বৰ্ণনা কৰে ৷ 

অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দৃষ্টিবাধাগ্ৰস্ত লোক সকলে নিজৰ নিজৰ অসুবিধা তথা তাক অতিক্ৰম কৰি কৰি অহা সংগ্ৰামৰ কথাৰ উল্লেখ কৰে ৷ অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী অন্ধ বিদ্যালয়ৰ অধ্যক্ষ ভবেন বৰ্মন ,নবনীতা ভট্টাচাৰ্য, জ্যোতি নিকেতনৰ অধ্যক্ষা চিষ্টাৰ মেৰিনা ৷লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দৃষ্টিবাধাগ্ৰস্ত শিল্পী সকলে অনুষ্ঠানত গীত-মাত পৰিবেশন কৰে ৷ 

এই অনুষ্ঠানতেই ডাঃ বিজুলী গোস্বামীৰ দ্বাৰা ৰচিত “আমাৰ চকুজুৰি“ শীৰ্ষক চকুৰ যতন বিষয়ক পুথিখনৰ সংবৰ্ধিত নতুন সংস্কৰণটি উন্মোচন কৰে বিশিষ্ট বিজ্ঞান ভিত্তিক লেখক অধ্যাপক ডাঃ জয়ন্ত গোস্বামীয়ে।

অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই ডাঃ শুভ্ৰ কিংকৰ গোস্বামীয়ে ৷ লগতে অনুষ্ঠানটি সাৱলিল ভাবে আঁত ধৰে ৰেটিনা বিশেষজ্ঞা ডাঃ অনন্যা গোস্বামীয়ে ৷

গুৱাহাটা