কোকৰাঝাৰত গৌৰৱ গগৈ, কংগ্ৰেছ কৰ্মীৰ মাজত ব্যাপক উৎসাহ

কোকৰাঝাৰত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছযোগে কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত উপস্থিত হোৱাৰ পাছতে জনতাৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গ'ল

author-image
Asomiya Pratidin
New Update
bvcbcvbcvb

কোকৰাঝাৰত গৌৰৱ গগৈ, কংগ্ৰেছ কৰ্মীৰ মাজত ব্যাপক উৎসাহ

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছযোগে কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত উপস্থিত হোৱাৰ পাছতে জনতাৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গ'ল। ৰে'লৱে ষ্টেচনত সৃষ্টি হ'ল বিৰ দি বাট নোপোৱা অৱস্থা। গৌৰৱ গগৈ জিন্দাবাদ ধ্বনিত কোকৰাঝাৰৰ আকাশ বতাহ মুখৰিত হৈ পৰিল। 

WhatsApp Image 2025-06-22 at 5.34.49 PM

উল্লেখযোগ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে গৌৰৱ গগৈ কোকৰাঝাৰত উপস্থিত হৈছে। কাৰ্যসূচী অনুসৰি আদানীক তিনিহেজাৰ বিঘা মাটি আৱণ্টন দিয়া স্থান বাশবাৰী পৰিভ্ৰমণ কৰিব গৌৰৱ গগৈয়ে। ইয়াৰ পিছতে তুলসীবিলত এক জনসভাতো অংশ লব গৌৰৱ গগৈয়ে। 

গৌৰৱ গগৈ কোকৰাঝাৰ