/asomiyapratidin/media/media_files/2025/03/28/2Sj2c0Dso00NTBERAdSx.jpg)
লোপামূদ্ৰা বৰাক উষ্ম আদৰণি
ডিজিটেল সংবাদ, সৰুপথাৰ : লাভলীনা, নয়নমণি আৰু নিশামণি বৰাৰ পাছতে আন্তঃৰাষ্ট্ৰীয়ত উজলি উঠিল লোপামূদ্ৰা বৰা। ৰূপৰ পদক লাভেৰে উজলি উঠা লোপামূদ্ৰা বৰাক বৰপথাৰ ৰেল ষ্টেচনত উষ্ম আদৰণি জনালে আছুৰ লগতে বিভিণ্ণ দল সংগঠন তথা ৰাইজে ৷ উল্লেখযোগ্য যে, থাইলেণ্ডৰ বেংককত যোৱা ৯ মাৰ্চৰ পৰা অনুষ্ঠিত হৈ থকা ২০ সংখ্যক ৱৰ্ল্ড মুৱাইথাই ফেডাৰেচন চেম্পিয়নশ্বীপৰ ১৮ বছৰ অনুৰ্দ্ধ ৪৫ কেজি শাখাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা অসম সন্তান বৰপথাৰৰ জীয়ৰী লোপামূদ্ৰা বৰাই ৰূপৰ পদক বুটলিবলৈ সক্ষম হৈছিল ৷ উজবেকিস্তানৰ খেলুৱৈৰ সৈতে পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয় লোপামূদ্ৰা বৰা ৷
ইফালে লোপামূদ্ৰাৰ সফলতাত বৰপথাৰবাসীয়ে যথেষ্ট উৎফুল্লিত হৈ পৰিছে ৷ সেয়ে শুকুৰবাৰে পুৱা ৰেলযোগে ঘৰলৈ ওভতা লোপামূদ্ৰা আৰু তেঁওৰ পিতৃ অনুপম বৰা আৰু ৰশ্মিৰেখা বৰাক আদৰণি জনাই সংগঠনৰ নেতৃত্বই ৷ উল্লেখযোগ্য যে, লাভলীনাৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসৰ ওচৰতে মুৱাইথাইৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল লোপামূদ্ৰাই ৷