বিদ্যুতৰ খুঁটা স্থাপনৰ নামত বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন

তদন্তৰ দাবীত প্ৰধানমন্ত্ৰীলৈ আৰ টি আই কৰ্মীৰ পত্ৰ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
বিদ্যুতৰ খুঁটা স্থাপনৰ নামত বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন

ডিজিটেল সংবাদ, কলিয়াবৰ: কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনাক অগুষ্ঠ প্ৰদৰ্শন কৰি অসম শক্তি বিতৰণ কোম্পানীৰ অধীনত গাঁৱে-গাঁৱে বিদ্যুতৰ খুঁটা পোতাৰ নামত বহিঃৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানে চলাইছে কোটি-কোটি টকাৰ লুণ্ঠন। খুঁটা পোতাৰ বিভাগীয় নক্সা আৰু প্ৰাক-কলনক জলাঞ্জলি দি প্ৰতিটো খুঁটা পোতাৰ বিপৰীতে লুণ্ঠন চলাইছে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানে। তথ্য সহকাৰে এই কেলেংকাৰী ফাদিল কৰিছে দিলীপ নাথ নামৰ আৰটিআই কৰ্মীগৰাকীয়ে।

Advertisment

উল্লেখ্য যে, বিভাগীয় নক্সা আৰু প্ৰাক-কলনক জলাঞ্জলি দি নিম্ন মানৰ কামেৰে বহিঃৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানে সৰকাইছে ধন। ঠিকাদাৰী প্ৰতিষ্ঠানৰ জেপত সোমাল নেকি অসম শক্তি বিতৰণ কোম্পানীৰ বিষয়া-অভিযন্তা ? গ্ৰামাঞ্চলত বিদ্যুতৰ শক্তি বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনত গাঁৱে-গাঁৱে বিদ্যুতৰ খুঁটা পুতিবলৈ চলি আছে আৰ ডি এছ এছ আৰু এআই আই বি নামৰ দুখনকৈ আঁচনি। ৰাজ্যৰ ১৯খন জিলাত ৫ লাখৰো অধিক বিদ্যুতৰ খুঁটা পোতাৰ নামত বহিঃৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানে চলাইছে লুণ্ঠন।

আঁচনি অনুসৰি, প্ৰতিটো পকী খুঁটা পোতোতে তলত ১০১ কেজি চিমেণ্ট, ২ বেগ শিলগুটি আৰু ৪ বেগ বালি দি ঢালাই কৰিব লাগে যদিও কোনো এটা খুঁটাতে এনে ঢালাই কৰা নাই ঠিকাদাৰী প্ৰতিষ্ঠানে। কেৱল ট্ৰেকৰৰ ড্ৰিল মেচোনৰে গাত খান্দি খুঁটা পুতি দায়িত্ব সামৰিছে ঠিকদাৰী প্ৰতিষ্ঠানে। একেদৰে, প্ৰতিটো ষ্টীলৰ খুঁটা পোতোতে তলত ৫ বেগ চিমেণ্ট, ১০ বেগ শিলগুটি আৰু ২০ বেগ বালিৰে ঢালাই কৰিব লাগে যদিও এই নিয়মক উপেক্ষা কৰিছে বহিঃৰাজ্যৰ ঠিকাদাৰে। জোৰা-টাপলি মাৰি বিদ্যুতৰ খুঁটা পুতি চৰকাৰৰ ধন লুণ্ঠন কৰিছে ঠিকদাৰ গোষ্ঠীয়ে।

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলাতো যোগান ধৰা হৈছে ১৯ হাজাৰ ৩৮০টা এনে বিদ্যুতৰ খুঁটা। কিন্তু খুঁটাৰ তলত দিবলগীয়া ঢালাইতো বাদেই, কোনো কোনো খুঁটাৰ পোতোতে ভালকৈ দিয়া নাই মাটিও। নগাঁও জিলাৰ কলিয়াবৰতো দেখিবলৈ পোৱা গৈছে বিদ্যুতৰ খুঁটা পোতাৰ নামত চলোৱা লুণ্ঠনৰ ছবি। কেৱল নগাঁও জিলাতে দুশ কোটিৰো অধিক টকা আবণ্টোত হৈছে এই বিদ্যুতৰ খুঁটা পোতা আঁচনিত। কিন্তু আঁচনিৰ বিভাগীয় নক্সা আৰু প্ৰাক-কলনক জলাঞ্জলি নিম্ন মানৰ কামেৰে বহিঃৰাজ্যৰ ঠিকাদাৰে সৰকাইছে ধন। অসমত এনে বিদ্যুতৰ খুঁটা পোতাৰ নামত নিম্নমানৰ কামেৰে সৰ্বাধিক ধন সৰকাইছে বহিঃৰাজ্যৰ গোপী-কৃষ্ণ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে।

তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত এই সমস্ত কেলেংকাৰী পোহৰলৈ আনিছে দিলীপ নাথ নামৰ আৰটিআই কৰ্মীগৰাকীয়ে। বিদ্যুতৰ খুঁটা পোতাৰ নামত সংঘটিত কেলেংকাৰিৰ তদন্ত বিচাৰি ইতিমধ্যে প্ৰধান মন্ত্ৰীলৈও পত্ৰ প্ৰেৰণ কৰিছে দিলীপ নাথে। ৰাজ্যত গাঁৱে-গাঁৱে বিদ্যুতৰ খুঁটা পোতাৰ নামত সংঘটিত বহিঃৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ এই লুণ্ঠনৰ তদন্ত হ'বনে? সেয়া হ'ব লক্ষ্যণীয়।

Also Read: বটদ্ৰৱাত নাৰীৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদী সমদল

Kaliabar apdcl