Advertisment

ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়ৰ উদ্যোগত লোকশিল্পী বঁটা প্ৰদান অনুষ্ঠান...

ঘুনুচাবাৰী ক্ষুদ্ৰ  সংগ্ৰহালয়ৰ সম্পাদক ৰাজীৱ কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানটি শিশু শিল্পী অঞ্জন কৃষ্ণ আৰু দেৱাংগনাৰ কন্ঠত "মোৰ মন বনতে" শীৰ্ষক জ্যোতি সংগীত উন্মোচন কৰে বিশিষ্ট গল্পকাৰ শিৱানন কাকতিয়ে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ``তাৰকা গায়ক হ’লেও শিল্পী নহ’বও পাৰে। শিল্পীয়ে সমাজত ঝাড়ুডাৰৰ ভূমিকা গ্ৰহণ কৰে।" এই বক্তব্য নিবন্ধকাৰ মোহিনী মোহন ডেকাৰ।  ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়ৰ উদ্যোগত আজি লোকশিল্পী বঁটা প্ৰদান অনুষ্ঠানত সভাপতিৰ আসন অলংকৃত কৰি তেওঁ লগতে "ইতিবাচক পৰিবৰ্তন আমি গ্ৰহণ কৰিব লাগে, নেতিবাচক পৰিবৰ্তন বাদ দিব লাগে।", বুলি ভাষণ প্ৰদান কৰে। 

Advertisment

শিল্পী ৰাজীৱ কুমাৰ মহন্তৰ উদ্যোগত শিল্পী দিৱসৰ দিনটোতে ২০১৬ চনত বটদ্ৰৱা দৌল মন্দিৰ পথত আৰম্ভ হৈছিল "ঘুনুচাবাৰী ক্ষুদ্ৰ, সংগ্ৰহালয়" শীৰ্ষক সাংস্কৃতিক সংগ্ৰহালয়টি। ঘুনুচাবাৰী ক্ষুদ্ৰ সংগ্ৰহালয়ৰ আজি নৱম বৰ্ষপূতি অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট শিল্পীক সম্বৰ্ধনা জনোৱা হয়। 

বিশিষ্ট সত্ৰীয়া শিল্পী প্ৰণৱ প্ৰাণ গোস্বামী, ভাস্কৰ্য্য শিল্পী পংকজ কুমাৰ মহন্ত , সত্ৰীয়া শিল্পী কেহোঁৰাম বৰাক গামোচা, চেলেং, প্ৰশস্তি পত্ৰ, ফুলৰ পুলি আৰু ৰাজীৱ কুমাৰ মহন্তই নিজ হাতেৰে সাজি উলিওৱা সঁফুৰা শৰাই প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। ঘুনুচাবাৰী ক্ষুদ্ৰ  সংগ্ৰহালয়ৰ সম্পাদক ৰাজীৱ কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানটি শিশু শিল্পী অঞ্জন কৃষ্ণ আৰু দেৱাংগনাৰ কন্ঠত "মোৰ মন বনতে" শীৰ্ষক জ্যোতি সংগীত উন্মোচন কৰে বিশিষ্ট গল্পকাৰ শিৱানন কাকতিয়ে।

উন্মোচনৰ লগে লগে উক্ত গীতটোত ক্ষেমাশ্ৰী মহন্তৰ নৃত্য আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি অংকন কৰে চিন্ময় শৰ্মাই। বৰগীত, সত্ৰীয়া নৃত্য, জ্যোতি সংগীত, কবিতা আবৃত্তিৰ আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰে অনুষ্ঠিত অনুষ্ঠানটিত শিল্পী দিপাংক গিৰি দেৱ গোস্বামী, প্ৰেমেশ্বৰ ঠাকুৰীয়া, ৰাজু শইকীয়া, তৰণ শইকীয়া, তৰুলতা মহন্ত, অৰুণ দেৱনাথ, লীলা গোস্বামী, ভাগেন্দ্ৰ মহন্ত, সাংবাদিক দিব্যজ্যোতি বৰুৱা, নিতুমণি গোস্বামীকে আদি কৰি শতাধিক লোক উপস্থিত থাকে ।

বটদ্ৰৱা