আজি নিৰ্বাচনঃ কোন হ'ব অষ্টাদশ লোকসভাৰ অধ্যক্ষ...

আজি নিৰ্বাচনঃ কোন হ'ব অষ্টাদশ লোকসভাৰ অধ্যক্ষ...
Published on
Updated on

ডিজিটেল ডেস্কঃ সংসদৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আজি অনুষ্ঠিত হব লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন। এন ডি এই উপাধ্যক্ষ পদটো বিৰোধীক এৰি নিদিয়াৰ সিদ্ধান্ত লোৱাৰ পাছতে লোকসভাৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল ইণ্ডিয়া মৰ্চাই। এন ডি এৰ লোকসভা অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাৰ বিৰুদ্ধে ইণ্ডিয়া মৰ্চাই থিয় কৰাইছে ৮বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা অভিজ্ঞ সাংসদ কে সুৰেশক।

দুয়োগৰাকী প্ৰাৰ্থীয়েই যোৱা মঙলবাৰে মনোনয়ন দাখিল কৰিছে। আজি অনুষ্ঠিত হব লোকসভা অধ্যক্ষৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। উল্লেখ কৰা প্ৰয়োজন যে, ওম বিৰলা প্ৰাক্তন লোকসভাৰ অধ্যক্ষ হোৱাৰ বিপৰীতে ১৯৮৯, ১৯৯১, ১৯৯৬, ১৯৯৯, ২০০৯, ২০১৪, ২০১৯ আৰু ২০২৪ত ৮বাৰ সাংসদ হৈছে কে সুৰেশ।

ইফালে এই নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী ওম বিৰলাৰ জয় প্ৰায় নিশ্চিত হৈ আছে, কিয়নো লোকসভাত এন ডি এৰ প্ৰাৰ্থীৰ সংখ্যা হৈছে ২৯২। ইয়াৰ বিপৰীতে ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্যৰ সংখ্যা ২৩৪। অৱশ্যে নিৰ্দলীয় সাংসদো আছে ১৬গৰাকী। গতিকে এই দিশৰ পৰা চাবলৈ গলে লোকসভাৰ অধ্যক্ষ পদত পুনৰ ওম বিৰলা অধিষ্ঠিত হোৱাটোৱে একপ্ৰকাৰৰ নিশ্চিত।

আজি নিৰ্বাচনঃ কোন হ'ব অষ্টাদশ লোকসভাৰ অধ্যক্ষ...
মুখ্যমন্ত্ৰীয়ে কথা দি কথা নাৰাখিলেঃ অখিল গগৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in