লোকসভা নিৰ্বাচনঃ জোনাইত গন্তব্য স্থানলৈ ৰাওনা প'লিং বিষয়া, প্ৰিজাইডিং বিষয়াসকল...

লোকসভা নিৰ্বাচনঃ জোনাইত গন্তব্য স্থানলৈ ৰাওনা প'লিং বিষয়া, প্ৰিজাইডিং বিষয়াসকল...

ডিজিটেল সংবাদ, জোনাইঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা ১৯ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হ'বলগা বাৰ নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৮০ জোনাই (জনজাতিৰ বাবে সংৰক্ষিত) বিধানসভা সমষ্টিটো আজি গন্তব্য স্থানলৈ ৰাওনা হয় ভোট বিষয়া পুলিং-প্ৰিজাইডিসকলে। আজি পুৱা আঠ বজাৰ পৰা জোনাই মহকুমা প্ৰশাসনে লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ ই ভি এম মেচিনসহ যাৱতীয় সা-সামগ্ৰী ভোট বিষয়াসকলক প্ৰদান কৰা হয়। পুলিং-প্ৰিজাইডিং ভোট বিষয়াসকলে ই ভি এম মেচিন আৰু যাৱতীয় সা-সামগ্ৰী লৈ নিজৰ নিজৰ গন্তব্য স্থান ভোট কেন্দ্ৰলৈ ৰাওনা হয়।

উল্লেখযোগ্য যে বাৰ নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জোনাই বিধানসভা সমষ্টিৰ জিলা নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত উপ-আয়ুক্ত শান্তনু গগৈয়ে সাংবাদিকৰ আগত সদৰী কৰামতে এইবাৰ লোকসভাৰ নিৰ্বাচনত জোনাই বিধানসভা সমষ্টিত ২৩৩ টা ভোট কেন্দ্ৰত মুঠ ,২,১৫,০৬৬ গৰাকী ভোটাৰে মতদান কৰিব পাৰিব। ইয়াৰে পুৰুষ ভোটাৰ ১,০৭,১৭৩ গৰাকী আৰু মহিলা ভোটাৰ ১,০৭,৮৯৩ গৰাকী। এইবাৰ প্ৰথমবাৰলৈ জোনাই সমষ্টিত পুৰুষকৈ মহিলা ভোটাৰ বেছি হোৱা দেখা গৈছে।

জোনাই বিধানসভা সমষ্টিক ২৫ টা ছেক্টৰ আৰু ৭ টা জ'নত ভাগ কৰি নিৰ্বাচন পৰিচালনা কৰা হৈছে। ইয়াৰ অতিকৈ দুৰ্গম তিনি নং শিৱগুৰি এল পি স্কুল ভোট কেন্দ্ৰক এটা ছেক্টৰ, মেছাকী চাপৰিৰ ৯২ নং, ৯৩ নং আৰু ৯৪ নং ভোট কেন্দ্ৰ তিনিটাক এটা ছেক্টৰ আৰু মৌজা চপৰিৰ একমাত্ৰ ভোট কেন্দ্ৰক এটা ছেক্টৰ হিচাপে পৰিচালনা কৰি ভোট গ্ৰহণৰ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

ইপিনে ১৬ নেপালী বস্তিত এল পি স্কুল ভোট কেন্দ্ৰ আৰু ১৯ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট কেন্দ্ৰক আদৰ্শ ভোট কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে দহটা ভোট কেন্দ্ৰ কেৱল মহিলা পুলিং-প্ৰিজাইডিং বিষয়াৰ দ্বাৰা ভোট গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইপিনে ইতিমধ্যে শাৰীকভাৱে বিশেষ সক্ষম ৪২৫ গৰাকী ভোটাৰ ঘৰে ঘৰে গৈ বেল্ট পেপাৰৰ দ্বাৰা ভোট গ্ৰহণ কৰা হৈছে।

ইপিনে প্ৰতিটো ভোট কেন্দ্ৰত পুলিং আৰু প্ৰিজাইডিং অফিছৰ চাৰিগৰাকী কৈ নিযুক্তি দিয়া হৈছে। বিশ শতাংশ সংৰক্ষিত পুলিং-প্ৰিজাইডিংসহ লোকসভা নিৰ্বাচনৰ বাবে প্ৰয়োজন ১,১১৮ গৰাকী পুলিং-প্ৰিজাইডিঙক প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ভোট গ্ৰহণৰ বাবে নিযুক্তি দিয়া হৈছে। একেদৰে প্ৰতিটো ভোট কেন্দ্ৰত নিৰাপত্তাৰক্ষী আৰক্ষী নিযুক্তি দিয়া হৈছে।

মুঠ ২৩৩ টা ভোট কেন্দ্ৰ বিশিষ্ট জোনাই সমষ্টিত ৩০ শতাংশ ভোটিং মেচিন আৰু ২০ শতাংশ পুলিং-প্ৰিজাইডিং বিষয়া সংৰক্ষিত ৰখা হৈছে। নিৰ্বাচনৰ বিভিন্ন কোষ পৰিচালনাৰ লগতে পুলিং-প্ৰিজাইডিং আৰু নিৰাপত্তাৰক্ষী আৰক্ষীসকলক গন্তব্য স্থান ভোট কেন্দ্ৰলৈ নিবলৈ ৩০২ টা সৰু-বৰ গাড়ী ব্যৱহাৰ কৰা হৈছে।

উল্লেখযোগ্য যে লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনত বিজেপি দলৰ পৰা প্ৰদান বৰুৱা, কংগ্ৰেছৰ পৰা উদয় শংকৰ হাজৰিকা, অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ পৰা ঘনকান্ত চুতীয়া, কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়াৰ পৰা ধীৰেণ কছাৰী, চছিয়েলিষ্ট ইউনিটি চেণ্টাৰ অব ইণ্ডিয়াৰ পৰা পল্লব পেগু, ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ পৰা বীৰেন বাইলুং, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে গোবিন বিশ্বকৰ্মা, দেৱনাথ পাইত আৰু বিক্ৰম ৰামচিয়াৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনত বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ মাজতে মূল প্ৰতিদ্বন্দিতা হোৱা ছৱিয়ে দেখা দিছে।

ইপিনে জোনাই মহকুমাত জিলা নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত উপ-আয়ুক্ত শান্তনু গগৈয়ে সকলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি দেশৰ গণতন্ত্ৰক সবল কৰিবলৈ আহ্বান জনাইছে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in