যোৰহাট, ধুবুৰীত কংগ্ৰেছৰ কৰিশ্মা: অসমৰ ১১ খনত NDAৰ বিজয়

অসমৰ কোন সমষ্টিত কোনে মাৰিব শেষ হাঁহি? এইসমূহ তথ্যৰে আপুনিও কৰক 'প্ৰেডিকচন'...
অসমৰ কোন সমষ্টিত কোনে মাৰিব শেষ হাঁহি? এইসমূহ তথ্যৰে আপুনিও কৰক 'প্ৰেডিকচন'...

ডিজিটেল ডেস্কঃ অসমৰ মুঠ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত শাসকীয় বিজেপিয়ে ৯ টা সমষ্টিত বিজয় সাব্যস্ত কৰিছে। ইয়াৰ বিপৰীতে তেওঁলোকৰ মিত্ৰ দল অগপই বৰপেটা আৰু ইউ পি পি এলে কোকৰাঝাৰ সমষ্টিত বিজয় সাব্যস্ত কৰিছে।

ডিব্ৰুগড়, লখিমপুৰ, কাজিৰঙা, শিলচৰ, কৰিমগঞ্জ, ডিফু, গুৱাহাটী, শোণিতপুৰ আৰু দৰং ওদালগুৰি সমষ্টিত বিজয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী ক্ৰমে সৰ্বানন্দ সোণোৱাল, প্ৰদান বৰুৱা, কামাখ্যা প্ৰসাদ তাছা, পৰিমল শুক্লবৈদ্যস কৃপানাথ মাল্লা, অমৰসিং তিছু, বিজুলী কলিতা মেধি, ৰঞ্জিত দত্ত আৰু দিলীপ শইকীয়া।

আনহাতে যোৰহাটত পূৰ্বৰ কলিয়াবৰৰ সাংসদ তথা কংগ্ৰেছৰ সংসদৰ উপ-দলপতি গৌৰৱ গগৈ, নগাঁৱত সাংসদ প্ৰদ্যুত বৰদলৈ আৰু ধুবুৰী সমষ্টিত বিধায়ক তথা এইবাৰৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে বিজয় সাব্যস্ত কৰিছে।

বৰপেটা সমষ্টিত অসম গণ পৰিষদৰ ফণী ভূষণ চৌধুৰীয়ে ৮,৫৯,৫৬৯টা ভোট লাভেৰে ২,২১,৯৫১টা ভোটৰ ব্যৱধানত জয়ৰ দিশে অগ্ৰসৰ হৈছে।  দৰং-ওডালগুৰি সমষ্টিত বিজেপিৰ দিলীপ শইকীয়াই ৮,৬৮,৩৮৭টা ভোট লাভ কৰে আৰু ৩,২৯,০১২টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে লাভ কৰে ১৪,৭১,৮৮৫টা ভোট আৰু ১০,১২,৪৭৬টা ভোটৰ বৃহৎ ব্যৱধানত জয় লাভ কৰে। 

আনহাতে  ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে ৬,৯৩,৭৬২টা ভোট লাভ কৰি ২,৭৯,৩২১টা ভোটৰ ব্যৱধানত জয় লাভ কৰে।  ডিফু সমষ্টিত বিজেপিৰ অমৰসিং টিছৱে ৩,৩৪,৬২০টা ভোট লাভ কৰি ১,৪৭,৬০৩টা ভোটৰ ব্যৱধানত জয় লাভ কৰে।  গুৱাহাটী সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধীয়ে ৮,৯৪,৮৮৭টা ভোট লাভ কৰি ২,৫১,০৯০টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। আনহাতে, কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে লাভ কৰে ৬,৪৩,৭৯৭টা ভোট।

যোৰহাট সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৭,৫১,৭৭১টা ভোট লাভ কৰি ১,৪৪,৩৯৩টা ভোটৰ ব্যৱধানত জয় লাভ কৰাৰ বিপৰীতে বিজেপিৰ তপন কুমাৰ গগৈয়ে লাভ কৰে ৬,০৭,৩৭৮টা ভোট।

কৰিমগঞ্জ সমষ্টিত বিজেপিৰ কৃপানাথ মল্লই ৫,৪৫,০৯৩ ভোট লাভ কৰি ১৮,৩৬০টা ভোটৰ ব্যৱধানত জয়ৰ দিশে অগ্ৰসৰ হোৱাৰ বিপৰীতে কংগ্ৰেছৰ হাফিজ ৰশিদ আহমেদ চৌধুৰীয়ে লাভ কৰে ৫,২৬,৭৩৩টা ভোট আৰু AIUDFৰ ছাহাবুল ইছলাম চৌধুৰীয়ে লাভ কৰিছে ২৯,২০৫টা ভোট।

 কাজিৰঙা সমষ্টিত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাই ৮,৯৭,০৪৩টা ভোট লাভ কৰি ২,৪৮,৯৪৭টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। কোকৰাঝাৰ সমষ্টিত UPPLৰ জয়ন্ত বসুমতাৰীয়ে ৪,৮৮,৯৯৫টা ভোট লাভ কৰি ৫১,৫৮৩টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। লখিমপুৰ সমষ্টিত বিজেপিৰ প্ৰদান বৰুৱাই ৬,৬৩,১২২টা ভোট লাভ কৰি ২,০১,২৫৭টা ভোটৰ ব্যৱধানত জয় লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাই লাভ কৰে ৪,৬১,৮৬৫টা ভোট।

নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈয়ে ৭,৮৮,৮৫০টা ভোট লাভ কৰি ২,১২,২৩১টা ভোটৰ ব্যৱধানত জয় লাভ কৰাৰ বিপৰীতে বিজেপিৰ সুৰেশ বৰাই লাভ কৰে ৫,৭৬,৬১৯টা ভোট। শিলচৰ সমষ্টিত পৰিমল শুক্লবৈদ্যই ৬,৫২,৪০৫টা ভোট লাভ কৰি ২,৬৪,৩১১টা ভোটৰ ব্যৱধানত জয় লাভ কৰে।  শোণিতপুৰ সমষ্টিত বিজেপিৰ ৰঞ্জিত দত্তই ৭,৭৫,৭৮৮টা ভোট লাভ কৰি ৩,৬১,৪০৮টা ভোটৰ ব্যৱধানত জয় লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰেমলাল গঞ্জুৱে লাভ কৰে ৪,১৪,৩৮০টা ভোট।

অসমৰ কোন সমষ্টিত কোনে মাৰিব শেষ হাঁহি? এইসমূহ তথ্যৰে আপুনিও কৰক 'প্ৰেডিকচন'...
আশা কৰা ধৰণে নহ'ল ফলাফল: বিমৰ্ষ মনেৰেই চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in